পূৰ্বৰে পৰা মাটি-বাৰীক লৈ বিবাদ থকাৰ বাবেই তেওঁক প্ৰাণে মৰাৰ বাবে চেষ্টা কৰিছিল বুলি কয় শিক্ষক হানিফ আলী আহমেদে।
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাগাঁও ঈদগাহৰ কাষত যোৱা নিশা এদল দুষ্কৃতিকাৰীয়ে ৰাস্তা আগচি ধৰি প্ৰাণে মাৰাৰ চেষ্টা কৰে হানিফ আলী আহমেদ নামৰ এগৰাকী শিক্ষকক | ঘটনাক কেন্দ্ৰ কৰি অঞ্চল ব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে | শিক্ষক গৰাকীয়ে বালাগাঁৱৰ পৰা নিজ গৃহ অভিমূখে বাইক লৈ আহি থকা অৱস্থাত তাপেশ্বৰা গাঁৱৰ জাহিদুল ইছলাম, শ্বহিদুল ইছলাম আৰু আইবুৰ আলীয়ে এন্ধাৰৰ সুযোগ লৈ শিক্ষকজনৰ মূৰত বাঁহৰ লাঠিৰে কোবাই আহত কৰে |
শিক্ষকজনৰ মূৰত হেলমেট থকাৰ বাবে কোনোমতে মাৰাত্মক আঘাটৰ পৰা ৰক্ষা পৰে। পথাৰৰ মাজেৰে দৌৰি প্ৰাণ ৰক্ষা কৰে শিক্ষকজনে। শিক্ষক জনে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই অহাত দুষ্কৃতিকাৰী লোক কেইজন পলাই যায়। শৰীৰৰ আন স্থানত আঘাত প্ৰাপ্ত হোৱাত শিক্ষকজনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় ৰাইজে |
পূৰ্বৰে পৰা মাটি-বাৰীক লৈ বিবাদ থকাৰ বাবেই তেওঁক প্ৰাণে মৰাৰ বাবে চেষ্টা কৰিছিল বুলি কয় শিক্ষক হানিফ আলী আহমেদে। আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ভূক্তভোগীয়ে | দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে |
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|