হোজাই জিলাৰ কাকীৰ দুই নং ৰামনগৰ গাঁৱত সংঘটিত হৈছে জঘন্য ধৰ্ষণকাণ্ড। এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি নগ্ন ফটো ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ পিছত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইফালে উক্ত ধৰ্ষণ কাণ্ডৰ এটা অভিযুক্ত চুলতান আহমেদক লংকা আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ। পলাতক হৈ আছে ধৰ্ষণকাণ্ডৰ ফটো তুলি ভাইৰেল কৰা চুলতানৰ আন এটা সহযোগী।
ইতিমধ্যে ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকাৰ লগতে পলাতক হৈ থকা আন এটা অভিযুক্তৰ সন্ধানতো অব্যাহত ৰাখিছে অভিযান।
লক্ষণীয় যে উক্ত ধৰ্ষণৰ ঘটনাটো যোৱা ১৬ জুলাইত সংঘটিত হৈছিল। উক্ত দিনা নিশা প্ৰস্ৰাৱ কৰিবলৈ ওলোৱাৰ সময়তে ঘৰত পিতৃ নথকাৰ সুযোগত অভিযুক্ত দুটাই নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক মুখত সোপা মাৰি পথাৰলৈ নি ধৰ্ষণ কৰি এৰি থৈ গৈছিল। ইয়াৰ পিছত উক্ত ধৰ্ষণৰ ফটো মঙলবাৰে ধৃত চুলতানৰ সতীৰ্থই ভাইৰেল কৰি দিয়াত হতাশাত ভুগি ভুক্তভোগী ছাত্ৰীগৰাকীয়ে বিহ পান কৰি আত্মহত্যাৰ অপচেষ্টা চলায় যদিও অভিভাৱকৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰে।
ইপিনে উক্ত জঘন্য ধৰ্ষণ আৰু ফটো ভাইৰেল কৰাৰ ঘটনাক লৈ ইতিমধ্যে লংকাত বিৰাজ কৰিছে চাঞ্চল্যৰ। অন্যহাতে এই ধৰ্ষণৰ ঘটনাক নসাৎ কৰিছে ধৃত অভিযুক্ত চুলতান আহমেদে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|