বঙাইগাঁৱৰ বিদ্যাপুৰৰ ঘিলাগুৰীত নাবালিকা ধৰ্ষণকাণ্ড (Minor Raped)ৰ অভিযুক্তক আৰক্ষীয়ে আজি কৰায়ত্ত কৰিছে ৷ ১৪ আগষ্টৰ নিশা নাবালিকা কিশোৰী গৰাকীক নিজ ঘৰৰ পৰা মাতি আনি কাষৰ জংঘলত তৰুণ সৰকাৰ নামৰ লোক এজনে ধৰ্ষণ (Rape) কৰে ৷ একাংশ লোকে দেখা পাই চিঞৰ বাখৰ কৰাত অভিযুক্ত যুৱকজনে পলায়ন কৰে ৷ কালি পৰিয়ালৰ লোকে আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে ৷ আজি অভিযুক্ত তৰুণ সৰকাৰক শ্ৰীৰামপুৰৰ কাশিপুৰত আৰক্ষীয়ে আটক কৰে ৷
জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনোৱা মতে ঘটনা সংঘটিত কৰি অভিযুক্তই বাসুগাঁৱৰ ষ্টেচনত আশ্ৰয় গ্ৰহণ কৰি পৰৱৰ্তী সময়ত নৈশ বাছৰ জৰিয়তে শ্ৰীৰামপুৰলৈ পলায়ন কৰে ৷ লোকজনে ঘিলাগুৰীৰ নিৰোদ শীলৰ ঘৰত কাম কৰি আশ্ৰয় গ্ৰহণ কৰি আছিল ৷ তৰুণ সৰকাৰৰ ঘৰ বৰপেটা ৰোডত যদিও শেহতীয়াভাৱে ঘিলাগুৰীত আশ্ৰয় গ্ৰহণ কৰি আছিল ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : August 16, 2022, 21:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।