গোৰেশ্বৰৰ দেওচুঙা আদৰ্শ মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক তাৰা প্ৰধানে ঘৰত কোনো আৱিভাৱক নথকাৰ সুযোগ লৈ দুই কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে।
গোৰেশ্বৰৰ দেওচুঙা আদৰ্শ মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক তাৰা প্ৰধানে ঘৰত কোনো আৱিভাৱক নথকাৰ সুযোগ লৈ দুই কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে।
দুগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে এগৰাকী প্ৰধান শিক্ষকে৷ প্ৰধান শিক্ষকগৰাকীৰ কুকৰ্মই লজ্জানত কৰিছে সমগ্ৰ শিক্ষক সমাজক৷ বাক্সাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঙালীপাৰাৰ পাডেবস্তি গাঁৱত সংঘটিত হৈছে এই ঘটনা৷
জানিব পৰা মতে, গোৰেশ্বৰৰ দেওচুঙা আদৰ্শ মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক তাৰা প্ৰধানে ঘৰত কোনো আৱিভাৱক নথকাৰ সুযোগ লৈ দুই কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। অভিযোগ মতে, যোৱা সোমবাৰে আবেলি সময়ত তাৰা প্ৰধান নামৰ শিক্ষকজনে কিশোৰী দুগৰাকীৰ ঘৰলৈ আহি ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰথমে ১০ বছৰীয়া কিশোৰী এগৰাকীক যৌন নিৰ্যাতন চলায়৷ সেই সময়তে কিশোৰীগৰাকীক বায়েক বাহিৰৰ পৰা আহি ঘৰত উপস্থিত হোৱাৰ লগে লগে লম্পট শিক্ষক তাৰা প্ৰধানে ডাঙৰজনীকো আক্ৰমণ কৰে। সৰুজনীয়ে কান্দি কান্দি ঘৰৰ পৰা পলাই গাঁৱলৈ দৌৰ মাৰোতে ঘটনাটো পোহৰলৈ আহে যদিও কিছু তথাকথিত সভ্য ব্যক্তিয়ে সেই ঘটনাটো লুকুুুৱাবলৈ চেষ্টা চলায় বুলি অভিযোগ কৰে।
পিছত কিশোৰী দুগৰাকীৰ আত্মীয়ই মঙলবাৰে ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষী থানাত লম্পট শিক্ষকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷ ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষীয়ে অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও অভিযুক্ত শিক্ষকগৰাকী বৰ্তমান পতালক বুলি জানিব পৰা গৈছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|