পিতৃ-মাতৃ আৰু সন্তানৰ মাজত কাজিয়া স্বাভাৱিক ঘটনা। যদিও অধিকাংশ ক্ষেত্ৰতে এই কাজিয়া অতি ক্ষণস্থায়ী হয়, কিন্তু বহু সময়ত এনে কাজিয়াই অবাঞ্চিত পৰিস্থিতিৰো সৃষ্টি কৰে। তেনে এক অতি আচৰিত ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। আদালতে এহাল পিতৃ-মাতৃৰ ওপৰত বৃহৎ জৰিমনা আৰোপ কৰিছে। পিছে ইয়াৰ কাৰণ শুনিলে আপুনি আচৰিত নহৈ নোৱাৰে। আদালতে তেওঁলোকক এইকাৰণে জৰিমণা বিহিছে যে তেওঁলোকে পুত্ৰৰ অশ্লীল ছবিৰ সংগ্ৰহ (Porn Collection) দলিয়াই পেলাইছিল। পুত্ৰৰ পৰ্ণ কালেকচনক লৈ বহুদিন যথেষ্ট বিচলিত হৈ পৰাৰ পিছত পিতৃ-মাতৃয়ে সেইসমূহ দলিয়াবলৈ বাধ্য হৈছিল।
এই ঘটনাটো আমেৰিকাৰ মিচিগান চহৰৰ। এহাল অভিভাৱক তেওঁৰ পুত্ৰক লৈ বৰ বিৰক্ত হৈছিল। তেওঁলোকৰ পুত্ৰই বহুত পৰিমাণে অশ্লীল মুভী চাইছিল আৰু তাৰ লগত অশ্লীল ভিডিঅ'ৰ ডাঙৰ সংগ্ৰহ আছিল। এদিন পুতেক যেতিয়া কিছুদিনৰ বাবে ক'ৰবালৈ ওলাই গৈছিল তাৰ মাজতে মাক-দেউতাকে পুতেকৰ অশ্লীল ছবিৰ গোটেই সংগ্ৰহটো দলিয়াই দিছিল। যেতিয়া তেওঁলোকৰ পুত্ৰ ঘূৰি আহি দেখে যে তাৰ গোটেই পৰ্ণ সংগ্ৰহটো নাই সি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে।।
ইয়াৰ পিছতে খঙত একো নাই হৈ পুতেকে মাক-দেউতাকৰ বিৰুদ্ধে দ্বাৰস্থ হ'ল আদালতৰ। পুত্ৰই আদালতত অভিযোগ দিলে যে মাক-দেউতাকে তাৰ প্ৰায় ২৯ লাখ ৫০ হাজাৰ টকাৰ পৰ্ণ ছবিৰ কালেচন পেলাই দিছে। এই গোচৰৰ পিছতে আদালতে যি ৰায় দিলে সি সকলোকে স্তম্ভিত কৰি তুলিলে।
বাতৰি মতে আদালতে পিতৃ-মাতৃক বিহিলে ৩০ লাখ টকাৰ জৰিমণা। আদালতে কয় যে যিহেতু মাক-দেউতাকে নিজেই এই কথা স্বীকাৰ কৰিছে যে তেওঁলোকে পুত্ৰৰ পৰ্ণ কালেচন পেলাই দিছে গতিকে তেওঁলোকে যে অপৰাধ কৰিছে সেইটো প্ৰমাণ হৈছে আৰু তাত কোনো সন্দেহ নাই। সেয়ে তেওঁলোকক জৰিমণা বিহা হয়।
জানিব পৰা মতে এইজন পুত্ৰৰ নাম ডেভিদ আৰু তেওঁ পিতৃ-মাতৃৰ পৰা পৃথককৈ থাকে। ডেভিদৰ ইতিমধ্যে বিবাহ বিচ্ছেদো হৈছে। ডেভিদে কয় যে মাক-দেউতাকে পেলাই দিয়া তেওঁৰ পৰ্ণ কালেকচনত পৰ্ণ ফিল্মৰ ডিভিডি, আলোচনী আৰু কেইবাটাও ছেক্স টয় আছিল। ডেভিদৰ ক্ষোভ এই যে সেইবোৰ পেলাই দিবলৈ মাক-দেউতাকৰ কোনো অধিকাৰ নাছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|