মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Mehul Choksi Case: PNB কেলেংকাৰীৰ অভিযুক্ত পলাতক ব্যৱসায়ী মেহুলক বলপূৰ্বকভাৱে লৈ যোৱা হৈছিল ডমিনিকালৈ, শৰীৰত স্পষ্ট আঘাতৰ চিন ! অধিবক্তাৰ দাবী...

Mehul Choksi Case: PNB কেলেংকাৰীৰ অভিযুক্ত পলাতক ব্যৱসায়ী মেহুলক বলপূৰ্বকভাৱে লৈ যোৱা হৈছিল ডমিনিকালৈ, শৰীৰত স্পষ্ট আঘাতৰ চিন ! অধিবক্তাৰ দাবী...

News18 Assam | News18-Assam
Updated:May 28, 2021, 10:43 AM IST
Mehul Choksi Case: PNB কেলেংকাৰীৰ অভিযুক্ত পলাতক ব্যৱসায়ী মেহুলক বলপূৰ্বকভাৱে লৈ যোৱা হৈছিল ডমিনিকালৈ, শৰীৰত স্পষ্ট আঘাতৰ চিন ! অধিবক্তাৰ দাবী...
Mehul Choksi (File Photo- PTI)

Mehul Choksi Case: পলাতক ব্যৱসায়ী মেহুল চোকচীক বলপূৰ্বকভাৱে ডমিনিকালৈ লৈ যোৱাৰ লগতে তেওঁৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছে বুলি ২৭ মে'ত দাবী কৰে মেহুলৰ অধিবক্তাই।

  • Share this:
পঞ্জাৱ নেচনেল বেংক কেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা পলাতক হৈ থকা ব্যৱসায়ী মেহুল চোকচীক গ্ৰেপ্তাৰ কৰাৰ পিছতে চোকচীৰ অধিবক্তাই আনিছে ভিন্ন দাবী ।

চোকচীৰ অধিবক্তা বিজয় আগৰৱালে দাবী কৰিছিল যে গীতাঞ্জলি গোটৰ অধ্যক্ষক একাংশ লোকে আগুৰিছিল তাৰ পিছত বলপূৰ্বকভাৱে তেওঁক এন্টিগুৱাৰ পৰা এখন জাহাজত উঠিবলৈ বাধ্য কৰা হৈছিল আৰু ডমিনিকালৈ লৈ যোৱা হৈছিল । যাৰ বাবে তেওঁৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ থকা দেখিবলৈ পোৱা গৈছে ।

ব্যৱসায়ীজনৰ আইনী পৰামৰ্শদাতাই কয় এনেদৰে, "চোকচীয়ে তেওঁৰ ভয়ংকৰ অভিজ্ঞতাৰ সকলো কথা বৰ্ণনা কৰিছে । চোকচীয়ে কৈছে যে তেওঁক এন্টিগুৱাৰ জলি হাৰ্বাৰৰ পৰা এখন জাহাজত উঠিবলৈ বাধ্য কৰা হৈছিল আৰু ডমিনিকালৈ লৈ যোৱা হৈছিল। লগতে মেহুলৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ থকা বুলিও অভিযোগ কৰে । " ইপিনে ডমিনিকাত মেহুলৰ অধিবক্তা ৱেনি মাছেও ব্যৱসায়ীজনৰ শৰীৰত আঘাতৰ চিন দেখা পোৱা বুলি স্পষ্ট কৰিছে ।

আগৰৱালাই লগতে দাবী কৰিছিল যে এন্টিগুৱাৰ পৰা লৈ যোৱাৰ পিছত চোকচীক কোনো বিশেষ ঠাইত ৰখা হৈছিল। তাৰ পিছতে সোমবাৰে, তেওঁক এখন আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল আৰু তেতিয়াৰ পৰা তেওঁ তাত আছিল আৰু বুধবাৰে তেওঁক আটক কৰাৰ খবৰ বিশ্বলৈ বিয়পি পৰিছিল ।

আনফালে ডমিনিকাৰ বিষয়াসকলে জনায় যে চোকচীক এন্টিগুৱা লৈ ঘূৰাই পঠোৱা হ'ব, য'ত তেওঁৰ নাগৰিকত্ব আছে। লগতে চোকচীৰ বিৰুদ্ধে অবৈধভাৱে ডমিনিকাত প্ৰৱেশ কৰাৰ অভিযোগো দাখিল কৰা হ'ব আৰু এন্টিগুৱা আৰু বাৰ্বুডালৈ ঘূৰাই পঠোৱা হ'ব । য'ত তেওঁ বিগত চাৰি বছৰ ধৰি নাগৰিকত্ব লাভ কৰি আছে ।

অৱশ্যে ইয়াৰ পূৰ্বে বুধবাৰে অৰ্থাত্ ২৬ মে' WIONৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত এন্টিগুৱা আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনে মেহুল চোকচীক অহা ৪৮ ঘণ্টাৰ ভিতৰত ডমিনিকাৰ পৰা ভাৰতলৈ ঘূৰাই পঠিওৱা হ'ব পাৰে বুলি উল্লেখ কৰিছিল ।

লক্ষ্যণীয় যে, পঞ্জাৱ নেচনেল বেংকৰ ঋণ জালিয়াতিৰ কাণ্ডৰ পিছতে ভাৰতৰ পৰা পলাই যোৱাৰ পিছত ২০১৮ চনৰ পৰা এন্টিগুৱা আৰু বাৰ্বুডাত বাস কৰি থকা ৬২ বছৰীয়া ব্যৱসায়ীজন দেওবাৰে ৰহস্যজনক পৰিস্থিতিত নিৰুদ্দেশ হৈ পৰিছিল। চোকচীক সেই ঋণ কেলেংকাৰীৰ তদন্তৰ বাবে ভাৰত চৰকাৰেও বিচাৰি আছে ।
Published by: Kokil Sarma
First published: May 28, 2021, 10:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি