মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»এন্টিগুৱাৰ প্ৰধানমন্ত্ৰীৰ দাবী- "Girlfriendক romantic trip লৈ যোৱাৰ সময়তে ডমিনিকাত ধৰা পৰিছিল পলাতক মেহুল চোকচী"

এন্টিগুৱাৰ প্ৰধানমন্ত্ৰীৰ দাবী- "Girlfriendক romantic trip লৈ যোৱাৰ সময়তে ডমিনিকাত ধৰা পৰিছিল পলাতক মেহুল চোকচী"

News18 Assam | News18-Assam
Updated:May 31, 2021, 11:10 AM IST
এন্টিগুৱাৰ প্ৰধানমন্ত্ৰীৰ দাবী-
Antiguan Prime Minister Gaston Browne: পঞ্জাৱ নেচনেল বেংকৰ ১৩,৫০০ কোটি টকীয়া ঋণ জালিয়াতিৰ গোচৰত অভিযুক্ত মেহুল চোকচীক জিম্মাত বিচাৰি আছে ভাৰতে ।

Antiguan Prime Minister Gaston Browne: পঞ্জাৱ নেচনেল বেংকৰ ১৩,৫০০ কোটি টকীয়া ঋণ জালিয়াতিৰ গোচৰত অভিযুক্ত মেহুল চোকচীক জিম্মাত বিচাৰি আছে ভাৰতে ।

  • Share this:
পঞ্জাৱ নেচনেল বেংকৰ কোটিটকীয়া ঋণ কেলেংকাৰীৰ অন্যতম অভিযুক্ত পলাতক হীৰা ব্যৱসায়ী মেহুল চোকচীক ডমিনিকা গ্ৰেপ্তাৰৰ পিছতেই পোহৰলৈ আহিছে ন ন তথ্য ।

বিগত কেইবাবছৰ ধৰি এন্টিগুৱাৰ নাগৰিকত্ব গ্ৰহণ কৰি দেশখনতে বসবাস কৰি মেহুলৰ গ্ৰেপ্তাৰক লৈ এইবাৰ আন এক মন্তব্য কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনীয়ে ।

সমগ্ৰ বিষয়টোক প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনীয়ে কয় এনেদৰে, "মেহুল চোকচিয়ে হয়তো গাৰ্লফ্লেণ্ডৰ সৈতে এক ৰোমাণ্টিক ভ্ৰমণৰ বাবে ডমিনিকালৈ লৈ গৈছিল আৰু তাতে তেওঁ ধৰা পৰে ।" ANI তথ্য়ৰ পৰা জানিব পৰা গৈছে এই কথা । ইপিনে ইয়াৰ পূৰ্বেও শনিবাৰে নিশা ANI য়ে ডমিনিকা আৰক্ষীৰ জিম্মাত থকা মেহুল চোকচীৰ ফটো ৰাজহুৱা কৰিছিল। য'ত চোকচীক কাৰাগাৰৰ পিছফালে থকা দেখিবলৈ পোৱা গৈছিল আৰু তেওঁৰ হাতত আঘাতৰ চিনো দেখা গৈছিল । মেহুলৰ অধিবক্তাই দাবী কৰা ধৰণে পলাতক ব্যৱসায়ী মেহুলৰ চকু যথেষ্ট ৰঙা পৰি আছিল আৰু যথেষ্ট দুৰ্বল দেখা গৈছিল ।

লক্ষ্যণীয় যে চোকচীয়ে অলপতে এণ্টিগুৱা আৰু বাৰ্বুডাৰ পৰা পলাই গৈছিল আৰু তেওঁৰ বিৰুদ্ধে থকা ইণ্টাৰপোলৰ "ইয়েল্লো নোটিছ"ৰ বাবে চুবুৰীয়া দেশ ডমিনিকাত গ্ৰেপ্তাৰ কৰা হৈছিল । বুধবাৰে এণ্টিগুৱাৰ সংবাদ মাধ্যমত এই খবৰৰ ওলাইছিল যে ভাৰতে মেহুলৰ বিষয়টোক লৈএণ্টিগুৱা আৰু বাৰ্বুডাৰ সৈতে যোগাযোগত আছিল আৰু এতিয়া ডমিনিকা চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰিছে এন্টিগুৱাই ।

লগতে এন্টিগুৱাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনীয়ে মেহুলক পোনপটীয়াকৈ ভাৰতলৈ প্ৰত্যাৰ্পন কৰিবলৈও কৈছিল ডমিনিকাক । কিয়নো পঞ্জাৱ নেচনেল বেংক কেলেংকাৰীৰ বাবে ভাৰতে তদন্তৰ বাবে দীৰ্ঘসময়ধৰি বিচাৰি আছে মেহুলক । সেয়েহে ডমিনিকাক এই অনুৰোধ কৰিছিল এন্টিগুৱাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, চোকচীক পঞ্জাৱ নেচনেল বেংকত ১৩,৫০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত বিচাৰি আছে ভাৰত চৰকাৰে । পলাতক এইগৰাকী হীৰা ব্যৱসায়ীৰে আত্মীয় হৈছে পঞ্জাৱ নেচনেল বেংক কেলেংকাৰীৰ অন্যতম অভিযুক্ত নীৰৱ মোডী, যি বৰ্তমানে লণ্ডনৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে।
Published by: Kokil Sarma
First published: May 31, 2021, 11:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি