உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Taliban Supporters Arrested : তালিবানৰ সমৰ্থক বৰপেটাৰ মাজিদুল ইছলামক UDSFৰ জিলা সভাপতি পদৰ পৰা নিলম্বন ৷

    Taliban Supporters Arrested : তালিবানৰ সমৰ্থক বৰপেটাৰ মাজিদুল ইছলামক UDSFৰ জিলা সভাপতি পদৰ পৰা নিলম্বন ৷

    AIUDFৰ দৰে দল এটাৰ ছাত্ৰ সংগঠনৰ নেতা এগৰাকী এইদৰে দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে ৷

    • Share this:
    বৰপেটাৰ তালিবানী সমৰ্থক মাজিদুল ইছলামক UDSF ৰ জিলা সভাপতি পদৰ পৰা নিলম্বন ৷ শনিবাৰে তালিবানৰ সমৰ্থক মাজিদুল ইছলামক জনীয়াৰ বালিকুৰি গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে ৷ তালিবানৰ সমৰ্থক মাজিদুল ইছলাম AIUDFৰ ছাত্ৰ সংগঠন UDSFৰ বৰপেটা জিলাৰ সভাপতি ৷ মাজিদুলক গ্ৰেপ্তাৰৰ পিছতেই আজি UDSFৰ কেন্দ্ৰীয় সমিতিয়ে মাজিদুল ইছলামক ছাত্ৰ সংগঠনটোৰ জিলা সভাপতি পদৰ পৰা নিলম্বনৰ নিৰ্দেশ দিয়ে ৷

    আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা মজিদুল ইছলাম নামৰ যুৱকজন AIUDFৰ সহযোগী ছাত্ৰ সংগঠন UDSFৰ বৰপেটা জিলাৰ সভাপতি বুলি প্ৰকাশ পোৱাৰ পিছতেই বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পিছতে ইউডিএছএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰকিবুল ইছলামে আজি এক বিবৃতিযোগে মজিদুল ইছলামক নিলম্বন কৰা বুলি প্ৰকাশ কৰে ৷

    AIUDFৰ দৰে দল এটাৰ ছাত্ৰ সংগঠনৰ নেতা এগৰাকী এইদৰে দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে ৷
    সম্প্ৰতি মাজিদুল ইছলাম তিনিদিনৰ আৰক্ষী জিম্মাত আছে আৰু অভিযোগ সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷
    Published by:Manjumoni Borah
    First published: