যোৱা ২১ মে'ত একাংশ দুষ্কৃতিকাৰীয়ে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা (Batadrawa PS Burnt)ত অগ্নিসংযোগ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অহা ১৫ দিনৰ ভিতৰত প্ৰাৰম্ভিক অভিযোগনামা দাখিল কৰিব। নগাঁৱত আজি এই কথা প্ৰকাশ কৰে আৰক্ষীৰ উপ মহাপৰিদৰ্শক (DIG) সত্যৰাজ হাজৰিকাই ।
আজি নগাঁৱত অনুষ্ঠিত এখন সংবাদমেলত অসম আৰক্ষীৰ কেন্দ্ৰীয় মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকাই কয় যে তদন্তকাৰী বিষয়াই বিচৰা তিনিটা প্ৰতিবেদন অহাৰ পিছতে অভিযোগ নামা দাখিল কৰা হ'ব ৷ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই অংশ লোৱা সংবাদমেলখনত ডি আই জি হাজৰিকাই আৰু কয় যে, বটদ্ৰৱা থানাৰ ঘটনাৰে ২৫ জনক অভিযুক্ত কৰা হৈছে ৷ ইয়াৰে ১১ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজন অভিযুক্তৰ মৃত্যু হৈছে।
আৰক্ষী থানা জ্বলাই দিয়াৰ সময়ত হেণ্ডকাফ সহ পলাই যোৱা এজন অপৰাধীক বিচাৰি থকা হৈছে বুলি মন্তব্য কৰে শীৰ্ষ আৰক্ষী বিষয়াজনে।আৰক্ষী থানাখন জ্বলোৱাৰ সময়ত জুইশলা বাকচ, কেৰচিন তেল আদি কোনে যোগান ধৰিছিল এই বিষয়বোৰৰ প্ৰতিবেদন লাভ কৰিবলৈ বাকী আছে। আনহাতে বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়াৰ অন্যতম অভিযুক্ত ১৩জন অসমৰ বাহিৰত পলাতক হৈ আছে নে নাই এই সম্পৰ্কত বিশেষ তথ্য নাই বুলি মন্তব্য কৰে ডি আই জি হাজৰিকাই ।
ঘটনাটোৰ মূল অভিযুক্ত মাজিদা খাতুনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।
বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱাৰ সময়ত বটদ্ৰৱা আৰক্ষী থানাত কৰ্মৰত আৰক্ষী বিষয়া তথা আৰক্ষীলোক সকলৰ ওপৰতো সমান্তৰাল তদন্ত অব্যহত আছে। তেওঁলোকক ৰিজাৰ্ভত ৰখা হৈছে বুলিও আৰক্ষী বিষয়া হাজৰিকাই মন্তব্য কৰে।তেওঁ কয় যে কি পৰিস্থিতিত পৰি দুষ্কৃতিকাৰীয়ে বটদ্ৰৱা আৰক্ষী থানা জ্বলাবলৈ অহাৰ সময়ত কৰ্তব্যৰত আৰক্ষীয়ে গুলী চালনা নকৰিলে এই সম্পৰ্কতো এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা তদন্ত চলোৱা হৈছে।
বটদ্ৰৱা আৰক্ষী থানাত পঞ্জীভূক্ত বহুকেইটা গোচৰৰ নথি পত্ৰও দুষ্কৃতিকাৰীয়ে আৰক্ষী থানা জ্বলাওতে অগ্নিদগ্ধ হৈছিল। এই গোচৰ সমূহৰ নথি পত্ৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰা হৈছে।বটদ্ৰৱা আৰক্ষী থানাত কাইলৈ অগ্নিনিবাৰ্পক বাহিনীৰ এটা কেন্দ্ৰ মুকলি কৰা হ'ব বুলি মন্তব্য কৰি শীৰ্ষ আৰক্ষী বিষয়াজনে অতি সোনকালে আৰক্ষী থানাখন পৰিদৰ্শক পৰ্যায়ৰ থানালৈ ৰূপান্তৰিত কৰা হ'ব বুলি মন্তব্য কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|