গুৱাহাটী হাতীগাঁৱৰ দুই যুৱকৰ অপহৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ডক নগাঁৱৰ কচুৱাত গ্ৰেপ্তাৰ ।চলিত বৰ্ষৰ ১১ জানুৱাৰীত গুৱাহাটী হাতীগাঁৱৰ নেৱাজ আলী আৰু ৰকিবুল ইছলাম নামৰ দুই যুৱকক ফোন কৰি নগাঁৱলৈ মাতিছিল গুলজাৰ হুছেইন নামৰ এজন বন্ধুৱে । তাৰ পাছতেই অপহৃত হৈছিল নেৱাজ আৰু ৰকিবুল । এটা বৃহৎ চক্ৰই ব্ৰহ্মপুত্ৰৰ বালিচৰত যুৱক দুজনক বন্দী কৰি ৰাখি দাবী কৰিছিল ১৫ লাখ টকাৰ মুক্তিপণ ।
অপহৰণকাৰীক প্ৰথম অৱস্থাত ১ লাখ টকা দিছিল আত্মীয়ই । আৰক্ষীৰ জোৰদাৰ তালাচীৰ উমান পাই যুৱক দুজনক এৰি দিছিল অপহৰণকাৰীয়ে । সমগ্ৰ ঘটনাটোৱে সৃষ্টি কৰিছিল তীব্ৰ ৰহস্যৰ ।
হাতীগাঁও আৰক্ষীয়ে তদন্ত চলাই অৱশেষত অপহৰণ কাণ্ডটোৰ মাষ্টৰমাইণ্ড নগাঁও জিলাৰ কচুৱাৰ গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গুলজাৰ হুছেইন, নেৱাজ আলী আৰু ৰকিবুল ইছলামৰ মাজত বহিঃৰাজ্যত কৰ্মসূত্ৰে গঢ় লৈ উঠিছিল বন্ধুত্ব । কিন্তু বন্ধুত্বক চৰম বিশ্বাসঘাট কৰি দুই বন্ধুকে অপহৰণ কৰিছিল গুলজাৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|