মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত খাটিসোনাত সংঘটিত ট্ৰিপল মাৰ্ডাৰৰ ঘটনাটোৰে অভিযুক্ত তৰুণ দাসৰ ৰহস্যজনক মৃত্যুৰ পিছতে সমগ্ৰ ঘটনাটোক লৈ আজিও অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে। মূলতঃ সমগ্ৰ ঘটনটোৰ তদন্ত প্ৰক্ৰিয়াত মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে গ্ৰহণ কৰা দুৰ্বল স্থিতিৰ বাবেই ৰাজ্য জোকাৰি যোৱা ঘটনাটোৰ মূল অভিযুক্ত আজিও মুকলি আকাশৰ তলত বুলি অভিযোগ উঠিছে।
সোণতি বৰা পৰিয়ালটোৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত তৰুণ দাসৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সমগ্ৰ ঘটনাটোৰ তথ্য প্ৰমাণ নষ্ট কৰিবৰ বাবেই তৰুণ দাসক হত্যা কৰা হ'ল বুলি সম্প্ৰতি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। যদি এয়াই সত্য হয় তেন্তে সোণটি বৰাৰ পৰিয়ালটোৰ হত্যাকাণ্ড কোনে কৰিলে সেয়া এই মুহূৰ্তত চৰ্চিত বিষয়।
ইপিনে সোণটি বৰাৰ কন্যা মনালিছা বৰাৰ সৈতে তৰুণ দাসৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা আৰক্ষীয়ে নিশ্চিত কৰিছে। কিন্তু স্থানীয় একাংশ লোকে জনোৱা ইটাভাটাৰ শ্ৰমিক আবাসিক এলেকাত থকা সোণটি বৰাৰ গৃহলৈ নিৰ্দিষ্ট কিছু লোকৰ সঘন আহ-যাহ চলিছিল (Mariani Triple Murder Case)।
আনকি সোণটি বৰাৰ কন্যা মনালিছা বৰাক গোপনে দুবাৰকৈ গৰ্ভপাতো কৰোৱা হৈছিল বুলি স্থানীয় সূত্ৰসমূহৰ পৰা জানিব পৰা গৈছে। স্থানীয় এক সূত্ৰই জানিবলৈ দিয়া মতে হত্যাকাণ্ড সংঘটিত হোৱাৰ দুমাহ পূৰ্বে মনালিছাৰ গৰ্ভপাত কৰোৱা হৈছিল। কিন্তু মনালিছা কাৰ সন্তানৰ মাতৃ হৈছিল।তৰুণ দাসৰ নে অন্য লোকৰ!
ইয়াৰ উপৰি কিছু দিন পূৰ্বে তৰুণ দাসৰ পত্নী আৰু কন্যা সোণটি বৰাৰ গৃহত উপস্থিত হৈ মনালিছাক পিতৃ তৰুণ দাসৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ সকীয়নি দিয়াৰ লগতে মাৰপিট কৰা বুলিও স্থানীয় লোকে জানিবলৈ দিছে।
তৰুণ দাসৰ সৈতে মনালিছা বৰাৰ সম্পৰ্কৰ বাবেই তৰুণ দাসৰ পৰিয়ালত চৰম অশান্তিৰ যে সৃষ্টি হৈছিল সেয়া স্পষ্ট হৈ পৰিছে। আনহাতে মনালিছা বৰাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কক লৈ তৰুণ দাসৰ সৈতে সংঘাত সৃষ্টি হৈছিল নেকি সোণতি বৰাৰ ঘৰলৈ সঘন আহ-যাহ কৰা একাংশ লোকৰ? সেই প্ৰশ্নও এই মুহূৰ্তত উত্থাপন হৈছে।
ইটা ভাতাৰ সেই শ্ৰমিক আৱাসলৈ ঘটনা সংঘটিত হোৱাৰ এসপ্তাহ পূৰ্বেহে আহিছিল সোণটি বৰাৰ পৰিয়ালটো। পৰিয়ালটোক বাসগৃহৰ ব্যৱস্থা কৰি দিয়া ব্যক্তিজনৰ ঘৰৰ ঠিক পিছফালে আছিল সোণটি বৰাৰ পৰিয়ালটো। হত্যাকাণ্ড সংঘটিত হোৱা পিছতে চুড়ী উপাধিৰ উক্ত লোকজনে সোণটি বৰাৰ পৰিচয়ৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰা কাৰ্য সন্দেহজনক।
মন কৰিবলগীয়া যে হত্যাকাণ্ড সংঘটিত হোৱা দিনা খাটিসোনাৰ এটা গৃহত তৰুণ দাসে একাংশ লোকৰ সৈতে সন্ধিয়া সুৰা সেৱন কৰিছিল।সেই স্থানৰ পৰা সোণটি বৰাৰ চাইকেলখনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।সুৰাৰ ঘাটিৰ পৰা বন্ধুসহ তৰুণ দাস গৈছিল নেকি সোণটি বৰাৰ গৃহলৈ। সেই স্থানৰ পৰা সোণটি বৰাৰ গৃহলৈ দূৰত্ব মাত্ৰ আধা কিলোমিটাৰ।কিন্তু খাটিসোণাত তৰুণ দাসে কোন সতীৰ্থৰ সৈতে সুৰা সেৱন কৰিছিল তাৰ তথ্য উলিয়াবলৈ সক্ষম হোৱা নাই মৰিয়নি আৰক্ষী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|