Mariani Triple Murder: বুধবাৰে বিয়লি তৰুণ দাসৰ মৃতদেহ উদ্ধাৰ হোৱা আৰু ঘাটকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বিষয় পোহৰলৈ অহাত সমগ্ৰ ঘটনাই এতিয়া নতুন মোৰ লোৱা লগতে ৰহস্যঘন হৈ পৰিছে।
Mariani Triple Murder: বুধবাৰে বিয়লি তৰুণ দাসৰ মৃতদেহ উদ্ধাৰ হোৱা আৰু ঘাটকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বিষয় পোহৰলৈ অহাত সমগ্ৰ ঘটনাই এতিয়া নতুন মোৰ লোৱা লগতে ৰহস্যঘন হৈ পৰিছে।
মৰিয়নিৰ খাতিসোনাত সংঘটিত ৰাজ্য জোকাৰি যোৱা ত্ৰিপল মাৰ্ডাৰ ঘটনাই নাটকীয় ভাৱে লৈছে নতুন মোৰ। সোনতি বৰাসহ তিনিজনীয়া পৰিয়ালটোৰ নৃশংস হত্যাকাণ্ডৰ অভিযুক্ত তৰুণ দাসৰ মৃতদেহ বুধবাৰে নিশা উদ্ধাৰ হোৱাৰ পিচতে ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য।
জিনছ পেন্টেৰে এজোপা গছত চিপ লোৱা অৱস্থাত হত্যাকাণ্ডৰে অভিযুক্ত তৰুণ দাসৰ উদ্ধাৰ হোৱা মৃতদেহত দেখিবলৈ পোৱা গৈছে দাৰ ঘাপ। শৰীৰৰ বিভিন্ন স্থানত দাৰ ঘাপ দেখিবলৈ পোৱাৰ লগতে তৰুণ দাসৰ গুপ্তাংগ কাটি দিয়া হৈছে। তৰুণ দাসৰ শৰীৰত দাৰ ১৩টাকৈ ঘাপ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।ইয়াৰ উপৰি মৃতদেহটোৰ মুখমণ্ডলৰ চিনমোকাম নথকাত মুখমণ্ডলত ঘাটকে এছিড জাতীয় কোনো দ্ৰব্য ঢলা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
মন কৰিবলগীয়া যে যিটো ইটা ভাটাৰ শ্ৰমিক আৱাসত ২৫জুনত সোনটি বৰা, পত্নী তুলু বৰা আৰু ১৮ বছৰীয়া কন্যা মনালিছা বৰাৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল সেই স্থানৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰত থকা এডৰা হাবিৰ এডাল গছৰ ওপৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে তৰুণ দাসৰ মৃতদেহটো। তৰুণ দাসৰ পৰিয়ালে অভিযোগ কৰা মতে সোনটি বৰাৰ পৰিয়ালক হত্যা কৰা দিনাই ঘাতকে তৰুণ দাসকো হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।আৰক্ষীৰ অনুসন্ধান দুৰ্বল হোৱা বাবে প্ৰকৃত ঘাতক এতিয়াও মুকলি আকাশৰ তলত ঘুৰি ফুৰিবলৈ সক্ষম হৈছে বুলি পৰিয়ালৰ লোকে ক্ষোভ প্ৰকাশ কৰে।
তৰুণ দাসৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে সোনটি বৰাৰ জীয়ৰী মনালিছাৰ লগত তৰুণ দাসৰ সম্পৰ্ক থকাটো সঁচা কিন্তু খাটিসোনা অঞ্চলৰ কেইবাগৰাকীও সম্ভ্ৰান্ত লোকেও মনালিছাৰ লগত অনৈতিক সম্পৰ্ক বজাই ৰাখিছিল। ইয়াৰ চৰম পৰিণতিতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলিও অভিযোগ কৰে তৰুণ দাসৰ পৰিয়াল তথা গাঁওবাসীয়ে।
তৰুণ দাসৰ জীয়ৰীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে ঘটনাৰ নিশা প্ৰায় দহ বজাত দেউতাকলৈ ফোন কৰোতে কেইজনমান বন্ধুৰ সৈতে পাৰ্টী কৰি আছো ঘৰলৈ অলপ পিছতে গৈ আছোঁ বুলি উল্লেখ কৰিছিল। এতিয়া প্ৰশ্ন হয় সেই নিশা তৰুণ দাসে ক'ত আৰু কাৰ লগত পাৰ্টী কৰিছিল?অনুসন্ধানকাৰী আৰক্ষীয়ে এইবিলাক দিশ তদন্তৰ আওতাত আনিছে নে ?
আনহাতে আজি পুৱা মৰিয়নি আৰক্ষী থানাত পৰিয়ালৰ লোকে মৃতদেহটো তৰুণ দাসৰ বুলি চিনাক্ত কৰে। থানাত উপস্থিত হোৱা তৰুণ দাসৰ পৰিয়ালৰ লোকৰ লগতে অফলামুখ গাওঁৰ শতাধিক ৰাইজ উপস্থিত হৈ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত থানা চৌহদত এক উত্তপ্ত পৰিবেশ সৃষ্টি কৰে। সোনতি বৰাৰ পৰিয়ালৰ হত্যাকাণ্ডত অভিযুক্ত তৰুণ দাসক কোনে হত্যা কৰিলে তাক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। সোনতি বৰাৰ পৰিয়ালৰ হত্যাকাণ্ডত কোনো তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
মনকৰিবলগীয়া যে মৰিয়নিৰ খাতিসোনাৰ এটা ইটাভাতাৰ শ্ৰমিক আবাসত বাস কৰা সোনতি বৰাৰ পৰিয়ালৰ হত্যাকাণ্ডস্থলীত উদ্ধাৰ হোৱা এটা বেগ,চোলা আৰু এখন দা তৰুণ দাসৰ বুলি চিনাক্ত কৰিছিল আৰক্ষীয়ে। ঘটনা সংঘটিত হোৱাৰ দিনৰে পৰা নিখোজ হৈ আছিল তৰুন দাস। কিন্তু বুধবাৰে বিয়লি তৰুণ দাসৰ মৃতদেহ উদ্ধাৰ হোৱা আৰু ঘাটকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বিষয় পোহৰলৈ অহাত সমগ্ৰ ঘটনাই এতিয়া নতুন মোৰ লোৱা লগতে ৰহস্যঘন হৈ পৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|