
বৃহস্পতিবাৰে বিয়লি পিষ্টলসহ দুজন নগালোকক আটক কৰে আছাম ৰাইফলছৰ এটা দলে।
বৃহস্পতিবাৰে বিয়লি পিষ্টলসহ দুজন নগালোকক আটক কৰে আছাম ৰাইফলছৰ এটা দলে।
বৃহস্পতিবাৰে বিয়লি পিষ্টলসহ দুজন নগালোকক আটক কৰে আছাম ৰাইফলছৰ এটা দলে। তিনিচুকীয়া লেখাপানীস্থিত অসম ৰাইফলচৰ এটা সেনা দলে মৰিয়নি আৰক্ষীৰ সহযোগত মৰিয়নি নগৰৰ আদিয়ানু নামৰ হোটেলখনৰ পৰা আটক কৰে নগালোক দুজনক।
আটক কৰা নগালোক দুজন মোককচাং জিলাৰ মানেন আও আৰু লানু ৱাপাং বুলি জানিব পৰা গৈছে।নগালোক দুজনৰ পৰা এটা 9MM পিষ্টল জব্দ কৰে।নগালোক দুজনে মৰিয়নিলৈ পিষ্টলটো বিক্ৰী কৰিবলৈ আহিছিল বুলি প্ৰকাশ কৰে।শিৱসাগৰ জিলাৰ আমগুৰিৰ তিনিজন ব্যক্তিক ছল্লিশ হাজাৰ টকাত পিষ্টলটো বিক্ৰী কৰিবলৈ আহোতে আছাম ৰাইফলছৰ জালত পৰে নগালোক দুজন। নগালোকদুজন কোনো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত নেকি ? পিষ্টলটো ক'ত পালে আৰু কাক বিক্ৰী কৰিব আহিছিল সেই বিষয়ে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰক্ষী আৰু আছাম ৰাইফলছৰ উচ্চপদস্থ বিষয়াই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|