অভিশপ্ত ৩০ মে'ৰ দিনটোতে মৰিয়নীত গাভৰু চাহ বাগিছাত গণ আক্ৰমণৰ বলি হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাৱটি লৈছিল দেৱাশিস গগৈয়ে৷ মৃত্যুৰ আগদিনা মৰিয়নী নকছাৰি মিলগাঁৱৰ ২৩বছৰীয়া যুৱকজনে অন্য ৯জন সতীৰ্থৰ সৈতে মৰিয়নীৰ গাভৰু আঠাইশিল পৰ্বত মালাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল।
সেই সময়তে বাগিছাৰ কলঘৰৰ সন্মুখত হোৱা এটা সৰু দূৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ। পৰিস্থিত ইমান ভয়ানক হৈ পৰিছিল যে দানৱৰূপী একাংশ বৰ্বৰ নৰপিশাচে নিজ পিতৃ আৰু ভগ্নীৰ সন্মুখতে গণ আক্ৰমণ কৰি সংজ্ঞাহীন কৰি পেলাইছিল স্নাতক পঞ্চম ষান্মাষিকত অধ্যয়নৰত ছাত্ৰ গৰাকীক ।
![]()
এই ঘটনাটো মনত পৰিলে আজিও শিয়ৰি উঠে দেৱাশিসৰ পিতৃ আৰু ভগ্নী। দেৱাশিস গগৈৰ মৃত্যুৱে সংঘৰ্ষৰ ৰূপ লোৱাৰ আশংকা কৰি সেইসময়ত চৰকাৰখনৰ বহু মন্ত্ৰী-বিধায়ক- সাংসদে দেৱাশিষ গগৈৰ ঘৰত সান্ত্বনা দিয়াৰ লগতে আৰক্ষীক দোষীৰ বিৰুদ্ধে জোৰদাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।
দেৱাশিষ হত্যাৰ তদন্ত প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰা হ'ব বুলিও ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত কৰি ১৮ জন লোকক গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে ষোল্লশ পৃষ্ঠাজোৰা আৰক্ষীৰ তদন্ত প্ৰতিবেদন আদালতত দাখিল কৰিছিল ৷
সমগ্ৰ বিষয়তো এতিয়া ন্যায়ালয়ৰ বিচৰাধীন হৈ থকাৰ সময়তে আজি ছাত্ৰগৰাকীৰ এবছৰীয়া মৃত্যু বাৰ্ষিকী ৰাজহুৱাকৈ পালন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাই আজি দেবেৰাপাৰ চাৰিআলিৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি থলীৰ প্ৰাঙ্গনত ছাত্ৰগৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।
অনুষ্ঠানটোত ছাত্ৰ সন্থাৰ লগতে নকছাৰিৰ ব্যৱসায়িক সন্থা, সদৌ তাই আহোম ছাত্ৰ সন্থা, জেষ্ঠ নাগৰিক মঞ্চ লগতে নিহত ছাত্ৰজনৰ পিতৃ-মাতৃকে ধৰি অনেক গুণমুগ্ধই পুষ্পাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|