ইয়াৰ পূৰ্বে মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা চিঞ্জাচাম ভাল্টে নামৰ আন এটা গঁড় হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ ভাল্টেৰ স্বীকাৰোক্তিৰ ভিত্তিতে পাঠানক ১৯৫/২০ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয়। পাছত বোকাখাত মহকুমা ন্যায়িক আদালতত হাজিৰ কৰাই ৪ দিনৰ জিম্মাৎ লোৱা হয় পাঠানক ৷
উল্লেখ্য যে কাজিৰঙাৰ গঁড় হত্যাৰ লগত মণিপুৰৰ পাঁচটামান চোৰাং চিকাৰীৰ দল জড়িত হৈ থকাৰ কথা আৰক্ষীয়ে সদৰী কৰে। এই দলৰ অন্যতম "চংপো দল"ৰ নেতা নেংজাথান ভাল্টেক আটক কৰিবলৈ সক্ষম হয় বোকাখাতৰ আৰক্ষী ৷ এই দল সমুহে ২০১৯-২০২০ত ১৮ টাৰো অধিক গঁড় হত্যা কৰা বুলি ধৃত চোৰাংচিকাৰী নেংজাথান ভাল্টেই স্বীকাৰোক্তি দিছিল ৷ ধৃত চোৰাংচিকাৰীৰ স্বীকাৰোক্তি মতে মণিপুৰৰ চোৰাংচিকাৰী দলবোৰে গঁড় হত্যাৰ লগতে গঁড় খৰ্গৰ ব্যৱসায় , অস্ত্ৰ সৰবৰাহৰ লগতে দলৰ সদস্য আটক হলে অধিবক্তাক দিব লগা ধন আৰু ভৰণ পোষণৰো সমুহ দায়ীত্ব পালন কৰে ৷