• Home
  • »
  • News
  • »
  • crime
  • »
  • মঙ্গলদৈত ডকাইতৰ টাৰ্গেট বন কৰা মহিলা, কাণ ছিঙি লুটি নিলে সোণৰ কাণফুলি...

মঙ্গলদৈত ডকাইতৰ টাৰ্গেট বন কৰা মহিলা, কাণ ছিঙি লুটি নিলে সোণৰ কাণফুলি...

মঙ্গলদৈত ডকাইতৰ টাৰ্গেট বন কৰা মহিলা। কাণ ছিঙি লুটি নিলে সোণৰ কাণফুলি ।

মঙ্গলদৈত ডকাইতৰ টাৰ্গেট বন কৰা মহিলা। কাণ ছিঙি লুটি নিলে সোণৰ কাণফুলি ।

মঙ্গলদৈত ডকাইতৰ টাৰ্গেট বন কৰা মহিলা। কাণ ছিঙি লুটি নিলে সোণৰ কাণফুলি ।

  • Share this:
মঙ্গলদৈ থানাৰ অন্তৰ্গত চহৰৰ নিকটৱৰ্তী ১ নং গেৰিমাৰীৰ এগৰাকী মহিলাক ফুচুলাই মাতি নি কাণ ছিঙি  ডকাইতে লুটি নিলে দুখন কাণৰ কাণফুলি। মঙ্গলদৈ ১ নং গেৰিমাৰী মহিলা গৰাকীয়ে কষ্ট কৰি নিজৰ সৌজন্যতা ৰক্ষাৰ বাবে পিন্ধা সোণ-ৰূপৰ অলঙ্কাৰৰ ওপৰত এইবাৰ চকু ডকাইতৰ।

মঙ্গলবাৰেএই ঘটনা সংঘটিত হয় মঙলদৈ চহৰৰ মাজমজিয়াত।মঙ্গলদৈ ১ নং গেৰিমাৰী অঞ্চলৰ মহিলাগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে  মঙ্গলবাৰে আবেলি আনৰ ঘৰত  কাম কৰিব গৈ থাকোতেই  অচিনাকী যুবক এজনে কাম দিম বুলি মঙ্গলদৈ মহাবিদ্যালয়ৰ পিছফালে কাম কৰা ঠাই দেখাম বুলি ফুচুলাই মাতি নি দুখন কাণত পিন্ধি থকা সোণৰ কাণ ফুলি যোৰ কাণৰ পৰা ছিঙি মহিলাগৰাকীক গতিয়াই দিয়ে আৰু সেই ঠাইত নিৰ্জনতাৰ সুযোগ লৈ দুৰ্বৃত্তটো পলায়ন কৰে । পিছত মহিলা গৰাকীক দেখি দুজনমান যুৱক আগবাঢ়ি আহি ১০৮ ৰ জৰিয়তে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কাণ ছিঙি কাণৰ অলঙ্কাৰ কাঢ়ি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মঙ্গলদৈ চহৰত। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মহিলাগৰাকীৰ সৰলতাৰ সুযোগ লৈ ডকাইতি কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মঙ্গলদৈত। সম্প্ৰতি মহিলাগৰাকী মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মহিলাগৰাকীয়ে এতিয়ালৈকে থানাত এজাহাৰ দাখিল কৰা নাই যদিও বুধবাৰে মঙ্গলদৈ থানাত এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিছে। সমগ্ৰ ঘটনাত জড়িত থকা দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে সচেতন ৰাইজে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি