• Home
  • »
  • News
  • »
  • crime
  • »
  • ৩৭ কোটিৰ কাৰণে ফেটীসাপেৰে খোঁটাই ব্যক্তিক হত্যা কৰি নিজকে বীমা কোম্পানীত দেখুৱালে মৃত!

৩৭ কোটিৰ কাৰণে ফেটীসাপেৰে খোঁটাই ব্যক্তিক হত্যা কৰি নিজকে বীমা কোম্পানীত দেখুৱালে মৃত!

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ অপৰাধ।

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ অপৰাধ।

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ অপৰাধ।

  • Share this:
মহাৰাষ্ট্ৰৰ (Maharashtra) আহমেদনগৰত (Ahmednagar) এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এজন ৫৪ বছৰীয়া ব্যক্তিয়ে নিজৰ বীমাৰ ধন (Insurance) পাবলৈ নিজৰে মৃত্যুৰ নাটক ৰচনা কৰে। এজন অসহায় ব্যক্তিক ফেটীসাপেৰে খোঁটাই হত্যা কৰিবলৈ কুণ্ঠিত নহ’ল এইজন ব্যক্তি (Snakebite Murder)। আমেৰিকাৰ ইন্সুৰেন্স কোম্পানীত তেওঁৰ পলিচিত থকা ৩৭.৫ কোটি টকা পাবলৈ তেওঁ এই ঘৃণনীয় কৃত্য কৰে। কিন্তু ইন্সুৰেন্স কোম্পানীৰ বিষয়াই যেতিয়া আৰক্ষীৰ পৰা তথ্য সংগ্ৰহ কৰে তেতিয়া ব্যক্তিজনৰ কৃত্য পোহৰলৈ আহে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰি অভিযুক্ত আৰু তেওঁৰ চাৰিজন সহযোগীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ মতে প্ৰভাকৰ ভীমাজি বাঘচৌৰে নামৰ ব্যক্তিজনে ২০ বছৰে আমেৰিকাত আছিল। তেওঁ জানুৱাৰী মাহত ভাৰতলৈ ঘুৰি অহাৰ পিছত মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰাজুৰ গাঁৱত থাকিবলৈ লয়। ২২ এপ্ৰিলত আহমেদনগৰৰ ৰাজুৰ আৰক্ষী ষ্টেশ্যনৰ বিষয়াই স্থানীয় চৰকাৰী হাস্পতালৰ পৰা বাঘচৌৰেৰ মৃত্যুৰ সন্দৰ্ভত এক তথ্য লাভ কৰে।

যেতিয়া আৰক্ষী কনিষ্টবল এজন হাস্পতাললৈ যায় তেতিয়া এজন ব্যক্তিয়ে নিজকে বাঘচৌৰেৰ ভতিজাক বুলি পৰিচয় দিয়ে। প্ৰবীণ নামৰ এই ব্যক্তিজনে বাঘচৌৰেৰ মৃতদেহ চিনাক্ত কৰে। আৰক্ষীয়ে প্ৰাথমিক মেডিকেল ৰিপ’ৰ্ট লাভ কৰাৰ পিছত শ সৎকাৰ কৰিবলৈ ভতিজাকক সপি দিয়ে। এই ৰিপ’ৰ্টত মৃত্যুৰ কাৰণ সাপৰ বিহ কোৱা হৈছিল।

কিন্তু এই ষড়যন্ত্ৰ তেতিয়া ফাদিল হয় যেতিয়া বাঘচৌৰেৰ চুবুৰীয়াৰ পৰা আৰক্ষীয়ে বীমা কোম্পানীৰ অনুৰোধ মতে অধিক তথ্য সংগ্ৰহ কৰে। তদন্তত প্ৰতিবেশীয়ে জনায় যে তেওঁলোকে সাপে খোঁটাৰ দৰে ঘটনা শুনা নাছিল। কিন্তু ঘটনাৰ পিছত ঘৰত এখন এম্বুলেন্স আহিছিল। যেতিয়া আৰক্ষীয়ে তদন্ত কৰে তেতিয়া দাবী কৰা হয় প্ৰবীণৰ মৃত্যু কোভিডত হয়।

আৰক্ষীয়ে ইয়াৰ পিছত বাঘচৌৰেৰ কল ৰেকৰ্ড পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। তেতিয়া ওলাই পৰে যে তেওঁ জীৱিতই নহয় হাস্পতালত নিজকে প্ৰবীণ হিচাপে পৰিচয় দিছিল। লগে লগে বাঘচৌৰেক গ্ৰেপ্তাৰ কৰা হয়।

আহমেদনগৰ আৰক্ষী অধীক্ষকৰ মতে বীমা কোম্পানীৰ বিষয়ববীয়াই বাঘচৌৰেৰ মৃত্যুৰ গভীৰ তদন্ত কৰিবলৈ আৰম্ভ কৰিছিল কাৰণ ২০১৭ চনত নিজৰ পত্নীৰ মৃত্যুৰো পাং পাতি বীমাৰ ধন লুণ্ঠনৰ চেষ্টা কৰিছিল বাঘচৌৰেই। তেওঁৰ পত্নী জীৱিত আছিল। তদন্তত গম পোৱা যায় যে তেওঁ এজন সাপ উদ্ধাৰকাৰীৰ পৰা এডাল ফেটী সাপ ক্ৰয় কৰিছিল।

ইয়াৰ পিছত নিজৰ সৈতে মিলা এজন অসহায় ব্যক্তিক সাপডালেৰে খোঁটাই হত্যা কৰি হাস্পতালত নিজকে নিজৰ ভতিজা হিচাপে পৰিচয় দিছিল। মৃত ব্যক্তিজনক নৱনাথ য়শৱন্ত আনাপ নামৰ অঞ্চলটোৰে এজন হিচাপে আৰক্ষীয়ে চিনাক্ত কৰিছে।

আৰক্ষীয়ে তদন্তত পাইছে হত্যাৰ কিছু দিন পূৰ্বৰ পৰা বাঘচৌৰেই জিলাখনৰ এটা নতুন ঘৰত থাকিবলৈ আৰম্ভ কৰিছিল। ২২ এপ্ৰিলত মৃত্যু হোৱা ব্যক্তিজনক জোৰ–জবৰদস্তি এক নিৰ্জন ঠাইলৈ নি নিজৰ সংগী হৰিশ কুনালৰ সহায়ত ভৰিত সাপেৰে খোঁটায়। মৃত্যুৰ পিছত ব্যক্তিজনৰ মৃতদেহ বাঘচৌৰেৰ ঘৰলৈ নি এম্বুলেন্স মাতি হাস্পতাললৈ নিছিল দুৰ্বৃত্ত বাঘচৌৰেই।

উল্লেখ্য যে কিছুদিন পূৰ্বে কেৰালাত পত্নীক সাপেৰে খোঁটাই স্বামীয়ে হত্যা কৰাৰ পিছত কঠোৰ শাস্তি লাভ কৰাৰ এক ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
First published: