ৰাজস্থান চৰকাৰৰ অধীনত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰা এজন লোক আৰু তেওঁৰ পত্নীয়ে নিজৰ পাঁচ মহীয়া সন্তানক দলিয়াই পেলোৱা ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। তিনিটা সন্তানৰ বাবে চাকৰিত যাতে কোনো ধৰণৰ সমস্যা নহয়, তাৰ বাবেই পিতৃ–মাতৃয়ে দলিয়ালে নিজৰ সন্তানক।
এই ঘটনাটো বিকানেৰ জিলাৰ ছতৰগড়ত সংঘটিত হয় দেওবাৰে সন্ধিয়া। আৰক্ষীৰ মতে, ঝৱৰলাল মেঘৱাল নামৰ ঠিকাভিত্তিক কৰ্মচাৰীজনে নিজৰ চাকৰিটো নিয়মীয়া হোৱাৰ অপেক্ষা কৰি আছে। দম্পতীহালৰ পূৰ্বৰ দুই সন্তান আছে। তৃতীয় সন্তান জন্মৰ পিছতে ৰাজ্য চৰকাৰৰ দুটা সন্তানৰ নীতিৰ বাবে স্থায়ী চাকৰিক লৈ শংকাত ভুগিছিল তেওঁলোক।
পলিচী অনুসৰি, তৃতীয় সন্তানত জন্মৰ পিছত কৰ্মচাৰীৰ বাধ্যতামূলকভাৱে অৱসৰৰ কথা অন্তৰ্ভুক্ত আছে। বিকানেৰৰ আৰক্ষী অধীক্ষক যোগেশ যাদৱে কয়, ‘‘দম্পতীহালক সোমবাৰে নিজৰ কন্যাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযুক্তই নিজৰ পত্নীৰ সৈতে মিলি স্থায়ী চৰকাৰী চাকৰি পোৱাৰ বাবে এই ঘৃণনীয় কাণ্ড সংঘটিত কৰে।’’
তেওঁ কয় যে ঝৱৰলাল মেঘৱাল আৰু তেওঁৰ পত্নী গীতা দেৱীৰ বিৰুদ্ধে ছতৰগড় থানাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|