পশ্চিম বংগৰ (West Bengal) হুগলী চহৰত (Hooghly) এক আচৰিত ঘটনা সংঘটিত হৈছে। চহৰখনত বাস কৰা এহাল দম্পতীৰ ফেচবুকত চেটিং (Facebook Chatting)ক লৈ বিবাদ হৈছিল। কাজিয়াৰ পৰিণতিত স্বামীয়ে দেওবাৰে তেওঁৰ পত্নীক হত্যা কৰে। স্বামীয়ে সন্দেহ কৰিছিল যে তেওঁৰ পত্নীৰ বন্ধু আছিল আৰু ফেচবুকত আন পুৰুষৰ সৈতে কথা পাতিছিল।
ঘটনাটো হুগলী চহৰৰ চন্দননগৰ আৰক্ষী আয়ুক্তালয় অঞ্চলত সংঘটিত হৈছে। ৰিন্টু দাস তেওঁৰ পত্নী পল্লৱী দাসৰ সৈতে ইয়াত বাস কৰিছিল। পল্লৱীৰ বয়স আছিল ২৩ বছৰ। ৰিণ্টুৱে কৈছে যে তেওঁৰ পত্নীয়ে ফেচবুকত বহুত কথা পাতিছিল। তেওঁ সদায় ফেচবুকত ব্যস্ত আছিল।
ৰিন্টুৱে এইটোও সন্দেহ কৰিছিল যে তেওঁৰ পত্নী পল্লৱীয়ে ফেচবুকত আন পুৰুষৰ সৈতে বাৰ্তালাপ কৰিছিল। তেওঁ তেওঁৰ চৰিত্ৰক লৈ সন্দেহ কৰিছিল। সেইবাবেই দুয়োৰে মাজত কাজিয়াৰ সূচনা হৈছিল। বিতৰ্কটো পিছত ইমানলৈ গৈ পাইছিল যে ৰিণ্টুৱে তেওঁৰ পত্নীক ডিঙি চেপি হত্যা কৰে।
হত্যাৰ বিষয়ে খবৰ পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। অভিযুক্ত ৰিন্টু দাসৰ ভাতৃ চিন্টু দাসে কয় যে পল্লৱী স্বভাৱত ভাল আছিল। কিন্তু তেওঁৰ ভায়েক ৰিণ্টু সদায় তেওঁৰ ওপৰত সন্দেহ কৰিছিল। তেওঁৰ ভায়েকে বৌৱেকক প্ৰহাৰ কৰিছিল। সেই কাৰণে চিন্টু ৰিন্টুক এৰি মাকৰ সৈতে আন ঠাইত আশ্ৰয় লৈছিল।
অভিযুক্তৰ মাতৃ মনা দাসে কয় যে তেওঁৰ বোৱাৰী পল্লৱীয়ে সদায় ফেচবুকত কথা পাতি আছিল। গতিকে দুয়োৰে মাজত কাজিয়া হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে ৰিণ্টুক গ্ৰেপ্তাৰ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|