• Home
  • »
  • News
  • »
  • crime
  • »
  • এইজন লোকৰ পেটৰ দাম ৪২ লাখ টকা, কাৰণ পেটত সোমাই আছে ৯০০ গ্ৰাম সোণ

এইজন লোকৰ পেটৰ দাম ৪২ লাখ টকা, কাৰণ পেটত সোমাই আছে ৯০০ গ্ৰাম সোণ

ইম্ফল বিমানবন্দৰ (Imphal Airport)ত এজন যাত্ৰীৰ পেটৰ পৰা ওলাল ৯০০ গ্ৰাম সোণৰ পেষ্ট (900 Gram Gold Paste Smuggling) । সোণৰ চোৰাং সৰবৰাহ (Gold Smuggling) কৰিবলৈ মলাশয়ত (Gold Paste In Rectum) সোমাই নিছিল ৯০০ গ্ৰাম সোণ।  करने के लिए अपने मलाशय में सोने का पेस्ट

  • Share this:
চোৰাং ব্যৱসায়ৰ পৃথিৱী (Smuggling World)খন  আমি অনুমান কৰাতকৈ বহুত বেছি ডাঙৰ । চোৰাং ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়ৰ বাবে এনে কিছুমান কৌশল অৱলম্বন কৰে যিবোৰে সকলোকে স্তম্ভিত কৰি তোলে। শেহতীয়াকৈ, ইম্ফল বিমানবন্দৰত (Imphal Airport) এজন সোণৰ চোৰাং  (Gold Smuggling) ব্যৱসায়ী ধৰা পৰিছিল। এই মানুহজনে যি চতুৰতাৰে সোণ কঢ়িয়াই লৈ গৈছিল তাৰ বিষয়ে জানিলে আচৰিত নোহোৱাকৈ নোৱাৰিব।

বাতৰি অনুসৰি,  মহম্মদ শ্বৰীফ নামৰ এজন মানুহ ইম্ফলৰ পৰা দিল্লীলৈ ফ্লাইটেৰে গৈ আছিল। তেওঁ দিল্লীলৈ চোৰাংকৈ সোণ লৈ যোৱা বুলি গোপন খবৰ পাইছিল আৰক্ষীয়ে। বিমানবন্দৰত নিৰাপত্তাৰক্ষীসকলৰ তেওঁৰ কাৰ্যকলাপৰ ওপৰত সন্দেহ জন্মিছিল। যেতিয়া  তেওঁক অনুসন্ধানৰ বাবে লৈ যোৱা হ'ল তেতিয়া তেওঁ যথেষ্ট ভয় খাই থকা দেখা গৈছিল। তেওঁক চিআইএছএফ আৰু শুল্ক বিষয়াসকলে আৱদ্ধ কৰি তেওঁৰ কাপোৰ, বেগ আৰু আনুষংগিকক সামগ্ৰী পৰীক্ষা কৰে যদিও একো নাপালে। ইয়াৰ পিছত বিষয়াসকলে মহম্মদ শ্বৰীফৰ এক্স-ৰে কৰাৰ সিদ্ধান্ত লয়।

মহম্মদৰ  এক্স-ৰেত যি দেখা গ'ল সেয়া অতিকৈ আচৰিত আছিল। মানুহজনৰ মলদ্বাৰত প্ৰায় ৯৮০ গ্ৰাম সোণ আছিল। এইবোৰ সোণৰ পেষ্ট হিচাপে তেওঁৰ পেটত সুমুৱাই দিয়া হৈছিল। এই পেষ্টটো চাৰিটা ভাগত বিভক্ত কৰা হৈছিল আৰু পেকেট কৰা হৈছিল আৰু মলদ্বাৰত লুকুৱাই ৰখা হৈছিল। এক্স-ৰে চোৱাৰ পিছত আৰক্ষীয়ে তীব্ৰ জেৰা কৰাত মহম্মদে সকলো স্বীকাৰ কৰিছিল। তেওঁ কয় যে বহুত কষ্ট কৰি মলদ্বাৰত কোনোমতে সোণৰ পেষ্ট সুমুৱাই দিছিল। শুল্ক বিষয়াসকলে মহম্মদক গ্ৰেপ্তাৰ কৰিছে আৰু পৰৱৰ্তী অনুসন্ধান আৰম্ভ কৰিছে।

মহম্মদ শ্বৰীফৰ ঘৰ কেৰালাৰ কোঝিকোড়েত আৰু ইম্ফলৰৰ পৰা তেওঁ সোণৰ চোৰাং কাৰবাৰ কৰি আহিছে। ইম্ফলৰ পৰা বিগত কিছুদিনত সোণৰ চোৰাং বেহাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে। অলপতে ইম্ফলত এখন অজ্ঞাত বাহনত ৪৩ কিলোগ্ৰাম সোণ জব্দ কৰা হৈছিল।  এতিয়া মহম্মদৰ জৰিয়তে এই চোৰাং সোণৰ বেপাৰীৰ চক্ৰক ধৰিবলৈ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published: