உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • ধুবুৰীত স্বাস্থ্য বিভাগৰ জাল চহীৰে বেংকৰ পৰা উলিয়ালে ধন

    ধুবুৰীত স্বাস্থ্য বিভাগৰ জাল চহীৰে বেংকৰ পৰা উলিয়ালে ধন

    লোনৰ মাহিলি কিস্তি বেংকলৈ নহাত সন্দেহ ওপজে বেংক বিষয়াৰ ৷ 

    লোনৰ মাহিলি কিস্তি বেংকলৈ নহাত সন্দেহ ওপজে বেংক বিষয়াৰ ৷ 

    লোনৰ মাহিলি কিস্তি বেংকলৈ নহাত সন্দেহ ওপজে বেংক বিষয়াৰ ৷ 

    • Share this:

      ধুবুৰীৰ সহঃ যুটিয়া স্বাস্থ্য বিষয়াৰ জাল চহীৰে বেংকৰ পৰা ধন উলিয়াই আজি এজন  ৰঙাঘৰৰ আলহী হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি  কৰিছে সমগ্ৰ জিলাখনত ৷ ধুবুৰী জিলাৰ তামাৰহাট প্ৰাথমিক স্বাস্থ্য  কেন্দ্ৰৰ কৰ্মচাৰীৰ পৰিচয় দি ধুবুৰী জিলাৰ ধৰ্মশালাৰ নিৱাসী মজিবুৰ ৰহমানে অসম গ্ৰামীণ বিকাশ বেংক (Assam Gramin Bank)ৰ পৰা সংগ্ৰহ কৰে পাঁচ লাখ টকা ৷


      অসম গ্ৰামীণ বিকাশ বেংকক যোগান ধৰিছিল বহু নথি ৷ কিন্তু মজিবুৰ ৰহমানে যোগান ধৰা সকলো নথি আছিল জাল ৷ ধুবুৰীৰ (Dhubri) সহঃ যুটিয়া স্বাস্থ্য  বিষয়াৰ জাল চহী-মোহৰ আৰু  চহীসহ বেংকৰ ষ্টেটছমেন আদি জমা দি নৱেম্বৰত লোন হিচাপত বেংকৰ পৰা উলিয়াইছিল পাঁচ লাখ ৷ কিন্তু নৱেম্বৰত লোৱা লোনৰ মাহিলি কিস্তি বেংকলৈ নহাত সন্দেহ ওপজে বেংক বিষয়াৰ ৷


       বেংকলৈ মাতি পঠিওৱাৰ পিছত গোটেই ঘটনাটো পোহৰলৈ আহে আৰু অভিযুক্ত মজিবুৰ ৰহমানক গোলকগঞ্জ আৰক্ষীৰ হাতত গতাই দিয়ে।

      Published by:Gautam Barman
      First published: