মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»পথৰ ঠিকনা সোধাৰ ছলেৰে গুৱাহাটীৰ ৰাজপথত যুৱতীৰ শ্লীলতা হানি, গ্ৰেপ্তাৰ যুৱক

পথৰ ঠিকনা সোধাৰ ছলেৰে গুৱাহাটীৰ ৰাজপথত যুৱতীৰ শ্লীলতা হানি, গ্ৰেপ্তাৰ যুৱক

News18 Assam | News18-Assam
Updated:July 31, 2021, 11:20 PM IST
পথৰ ঠিকনা সোধাৰ ছলেৰে গুৱাহাটীৰ ৰাজপথত যুৱতীৰ শ্লীলতা হানি, গ্ৰেপ্তাৰ যুৱক
মহানগৰৰ ৰুক্মিণীগাঁৱত মাত্ৰ ২–৩ দিনৰ ভিতৰতে এয়া তৃতীয়টো ঘটনা।

মহানগৰৰ ৰুক্মিণীগাঁৱত মাত্ৰ ২–৩ দিনৰ ভিতৰতে এয়া তৃতীয়টো ঘটনা।

  • Share this:

পথৰ পৰিচয় সোধাৰ ছলেৰে গুৱাহাটীত দিন–দুপৰতে মহিলাৰ শ্লীলতা হানিৰ চেষ্টা চলোৱা এগৰাকী যুৱকৰ বিৰুদ্ধে ২৭১৯/২১ নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৫৪/৩৬৫/৫১১ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীয়ে এই সন্দৰ্ভত জানিবলৈ দিয়ে।


উল্লেখ্য, কালি সন্ধিয়া প্ৰায় ৪ বজাত গুৱাহাটীৰ ৰুক্মিণীগাঁৱত 'চিনাকি পথ কোনটো' বুলি এটা পথৰ ঠিকনা সোধাৰ ছলেৰে এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰিছিল বিকৃত মানসিকতাৰ এগৰাকী যুৱকে। কিন্তু যুৱতীগৰাকীয়ে যুৱকজনৰ স্কুটিখন নলাত বগৰাই দি যুৱকজনক কৰায়ত্ত কৰে ওচৰৰ ৰাইজৰ সহযোগত। আজি এই ঘটনাৰ বিষয়ে জানিব পাৰি চকিত হৈ পৰে মহানগৰবাসী।






আনহাতে, এই ঘটনাৰ পিছতে পোহৰলৈ আহিছে অঞ্চলটোত দুই–তিনি দিনৰ ভিতৰতে ঘটা একেই দুটা ঘটনা। মুখলজ্জাৰ ভয়ত ভুক্তভোগী যুৱতীসকলে এই বিষয়ে মুখ খোলা নাছিল। কিন্তু কালি সাহসী যুৱতীগৰাকীয়ে যুৱকজনক কৰায়ত্ত কৰি মহানগৰত দিন–দুপৰতে মহিলাৰ শ্লীলতা হানিৰ চেষ্টা চলোৱা ঘটনাটো পোহৰলৈ আহে। উল্লেখ্য, যুৱকজন কাছাৰ জিলাৰ মধুসোনাৰ ৰাজকুমাৰ বুলি জানিব পৰা গৈছে।

Published by: Gautam Barman
First published: July 31, 2021, 11:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি