দেশৰ ৰাজধানী দিল্লীৰ পৰা এক অদ্ভুত ঘটনা পোহৰলৈ আহিছে। সংযুক্ত আৰৱ আমিৰাতৰ বাসিন্দা আৰু আবু ধাবিৰ ৰাজপৰিয়ালৰ এজন কৰ্মচাৰী হিচাপে নিজকে চিনাকী দিয়া এজন ব্যক্তিয়ে দিল্লীৰ লীলা পেলেচ হোটেলত তিনি মাহৰো অধিক সময় ধৰি থাকিছিল বুলি অভিযোগ কৰা হৈছে। ইয়াৰ পিছত, সুযোগ পোৱাৰ লগে লগে ব্যক্তিজনে হোটেলৰ পৰা পলাই যায়। বৰ্তমান তেওঁক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
সংবাদ সংস্থা এএনআইৰ মতে, অভিযুক্তজন দক্ষিণ কৰ্ণাটকৰ বাসিন্দা ৪১ বছৰীয়া মহম্মদ শ্বৰীফ বুলি চিনাক্ত কৰা হৈছে। শ্বৰীফে এটা ভুৱা ব্যৱসায়িক কাৰ্ড প্ৰস্তুত কৰি বিগত বৰ্ষত প্ৰায় তিনি মাহ লীলা পেলেচ হোটেলত আছিল। ইয়াৰ লগতে, তেওঁ হোটেলৰ কোঠাৰ পৰা ৰূপৰ বাচন-বৰ্তন আৰু অন্যান্য সামগ্ৰী চুৰ কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, হোটেলত থকা সময়ৰ ব্যয়ৰ মূল্য পৰিশোধ নকৰাকৈ পলায়ন কৰে লোকজনে। অভিযুক্ত শ্বৰীফৰ বাবে হোটেলখনে ২৩,৪৬,৪১৩ টকাৰ বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগা হৈছে।
ঘটনাটোৰ পিছত, আৰক্ষীয়ে অনুপম দাস গুপ্তা নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত চলিত বৰ্ষৰ ১৪ জানুৱাৰীত সৰোজিনী নগৰ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। হোটেলখনৰ জেনেৰেল মেনেজাৰ বুলি দাবী কৰা অনুপম দাস গুপ্তাৰ অভিযোগৰ ভিত্তিত সৰোজিনী নগৰ আৰক্ষী থানাত আইপিচিৰ ৪১৯, ৪২০ আৰু ৩৮০ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। অভিযোগটোত কোৱা হৈছিল যে শ্বৰীফে ১ আগষ্টৰ পৰা ২০ নৱেম্বৰলৈ এখন পাঁচতাৰকা হোটেলত আছিল। তেওঁৰ হোটেলৰ বিল পৰিশোধ নকৰাকৈ পলাই গৈছিল।
অভিযোগৰ ভিত্তিত, পলাতক অভিযুক্তজনক ধৰিবলৈ আৰক্ষীৰ এটা দল গঠন কৰা হৈছিল। শ্বৰীফক ১৯ জানুৱাৰীত দক্ষিণ কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আদালতত হাজিৰ কৰোৱা হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তজনে ভুৱা ব্যৱসায়িক কাৰ্ড এখনেৰে হোটেলখনত প্ৰৱেশ কৰিছিল আৰু নিজকে সংযুক্ত আৰৱ আমিৰাত (ইউএই)ৰ শ্বেখ ফালাহ বিন জায়েদ আল নাহিয়ানৰ এজন গুৰুত্বপূৰ্ণ বিষয়া হিচাপে পৰিচয় দিছিল।
আৰক্ষীয়ে লগতে কয় যে, অভিযুক্তজনে ২০২২ চনৰ ১ আগষ্টত হোটেলখনত চেক-ইনৰ সময়ত হোটেল কৰ্তৃপক্ষক সংযুক্ত আৰৱ আমিৰাতৰ বাসিন্দা হোৱাৰ এখন কাৰ্ডও প্ৰদান কৰিছিল। প্ৰায় ৩.৫ মাহ থকাৰ পিছত, অভিযুক্তজনে হোটেলখনৰ মূল্যৱান সামগ্ৰী লৈ হোটেলৰ পৰা পলাই যায়। উল্লেখ্য যে, তেওঁ ২০ লাখ টকাৰ পোষ্ট-ডেটেড চেক দাখিল কৰিছিল যদিও পৰ্যাপ্ত পৰিমাণৰ ধন নোহোৱাৰ বাবে চেকটো বাউন্স হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|