• Home
  • »
  • News
  • »
  • crime
  • »
  • Madhya Pradesh : কন্যাৰ ধৰ্ষণকাৰীক চৰম শাস্তি দিলে পিতৃয়ে! নদীত উদ্ধাৰ হ’ল দ্বিখণ্ডিত দেহ

Madhya Pradesh : কন্যাৰ ধৰ্ষণকাৰীক চৰম শাস্তি দিলে পিতৃয়ে! নদীত উদ্ধাৰ হ’ল দ্বিখণ্ডিত দেহ

প্ৰতীকী ফটো

প্ৰতীকী ফটো

নিহত লোকজনৰ বিৰুদ্ধে ১৪ বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগ আছিল।

  • Share this:
নাবালিকা কন্যাৰ ধৰ্ষণকাৰীক নিজেই শাস্তি দিলে পিতৃয়ে। ধৰ্ষণত অভিযুক্তৰ দ্বিখণ্ডিত মৃতদেহ উদ্ধাৰ হ’ল নদীত। চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ খাণ্ডৱা জিলাত।

জানিব পৰা মতে, খাণ্ডৱাৰ জিলাৰ সদৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৰ আজনাল নদীত এজন লোকৰ দ্বিখণ্ডিত মৃতদেহ উদ্ধাৰ হয় দেওবাৰে। সেই ফটো ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। জানিব পৰা মতে, নিহত লোকজনৰ নাম ত্ৰিলোকচান্দ। তেওঁ শক্তপুৰ গাঁৱৰ বাসিন্দা বুলি জনাইছে আৰক্ষীয়ে।

এনডিটিভিত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, নিহত লোকজনৰ বিৰুদ্ধে ১৪ বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগ আছিল। আৰক্ষীয়ে জনাইছে, নিৰ্যাতিতা নাবালিকাৰ পিতৃ আৰু মোমায়েকে মিলি শনিবাৰে বাইকেৰে ত্ৰিলোকচান্দক আজনাল নদীৰ কাষলৈ লৈ যায়। ইয়াৰ পিছতে দুয়ো মিলি ত্ৰিলোকচান্দক ডিঙি কাটি হত্যা কৰে। তাৰ পিছত মৃতদেহ দুটুকুৰা কৰি নদীৰ পানীত পেলাই দিয়ে।

আৰক্ষীয়ে জনাইছে, হত্যাত অভিযুক্ত আৰু নিহত লোকজন সম্পৰ্কত আত্মীয়। হত্যাত অভিযুক্ত দুয়োকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ সৈতে আৰু কোনোবা জড়িত আছে নেকি সেয়া তদন্ত চলাই আছে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published: