দুৰ্নীতিৰ বিৰুদ্ধে কলম তুলি লোৱাটোৱেই কাল হৈছিল সাংবাদিক ডাফনে কাৰুনা গালিঝিয়াৰ। দেশৰ সকলোতকৈ ধনী লোকজনৰ বিৰুদ্ধে নিৰ্ভীকভাৱে লিখিল গৈছিল ইটোৰ পিছত সিটো দুৰ্নীতিৰ প্ৰতিবেদন। পৰিণতিত গালিঢিয়াই পাইছিল নৃশংস মৃত্যু। পিছে মৃত্যুৰ পিছতো কলমৰ শক্তি প্ৰমাণ থৈ গৈছে সাংবাদিক গালিঝিয়াই। সাংবাদিকগৰাকীক হত্যাৰ অভিযোগত আদালতত দোষী সাব্যস্ত হৈছে দেশৰেই আটাইতকৈ ধনী লোকজন।
এই ঘটনা হৈছে মাল্টা (Malta)ৰ। সাংবাদিক ডাফনে কাৰুনা গালিঝিয়া (Daphne Caruana Galizia)ই বাতৰি কৰিছিল মাল্টাৰ সকলোতকৈ ধনী লোক য়ৰ্গেন ফেনেচ (Yorgen Fenech)ৰ বিৰুদ্ধে। বুধবাৰে গালিঝিয়াৰ হত্যাৰ গোচৰত আদালতে দোষী সাব্যস্ত কৰে আদালতে।
২০১৭ চনৰ ১৬ অক্টোবৰত আন দিনাৰ দৰেই নিজৰ গাড়ীত ঘৰৰ পৰা ওলাই গৈছিল সাংবাদিক কাৰুনা গালিঝিয়া। কিন্তু সমগ্ৰ ইউৰোপক স্তম্ভিত কৰি কাৰুনাৰ গাড়ীখন এক ভয়াৱহ বিস্ফোৰণত উৰি গৈছিল। লগে লগে মৃত্যু হৈছিল দুৰ্দান্ত সাহসী সাংবাদিকগৰাকীৰ।
যেতিয়া সাংবাদিক কাৰুনা গালিঝিয়াই ফেনেচে বিদ্যুৎ উৎপাদন প্ৰকল্প এটাৰ বেআইনীভাৱে ঠিকা লাভ কৰাৰ দুৰ্নীতিৰ বাতৰি কৰি আছিল তেতিয়াই বোমাৰে গাড়ী উৰুৱাই হত্যা (Murder) কৰা হৈছিল সাংবাদিকগৰাকীক। ফেনেচৰ লগতে ঘটনাটোত আন তিনিজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে এজনক ইতিমধ্যে ১৫ বছৰৰ কাৰাদণ্ড বিহা হৈছে।
সমগ্ৰ হত্যাকাণ্ডটোত মধ্যমব্যক্তি ৰূপে কাম কৰা মেলভিন থিউমা নামৰ লোকজনে ৰাজসাক্ষী হৈ ফেনেচে এই কাম কৰিবলৈ তেওঁলোকক দায়িত্ব দিছিল বুলি স্বীকাৰ কৰাৰ পিছতে ফেনেচক দোষী সাব্যস্ত কৰা হয়।
এই ঘটনাৰ পিছত ২০১৯ চনৰ ২০ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ব্যৱসায়ী য়ৰ্গেন ফেনেচক। নিজৰ প্ৰাইভেট জাহাজ এখন লৈ মাল্টাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে ফেনচক গ্ৰপ্তাৰ কৰা হৈছিল। ফেনেচ এগৰাক প্ৰপাৰ্টী ডীলাৰ, কাৰ ডীলাৰ, আমদানীৰ ব্যৱসায়ী হোৱাৰ লগতে তেওঁৰ এটা বিতৰ্কিত প্ৰতিষ্ঠান আছে যি অবৈধভাৱে চৰকাৰী কামৰ ঠিকা কৰি আছে।
এই পৰ্যন্ত শাস্তিৰ পৰমাণ ঘোষণা কৰা হোৱা নাই যদিও আদালতৰ সূত্ৰৰ পৰা পোৱা খবৰ মতে ফোনেচক আজীৱন কাৰদণ্ড বিহাৰ পক্ষপাতি বিচাৰকসকল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|