গুৱাহাটীৰ ৰেভ পাৰ্টীৰ মূল অভিযুক্ত বিশাল চৌধুৰীক গ্ৰেপ্তাৰ। মহানগৰ আৰক্ষীৰ লতাশিল থানা আৰু ক্ৰাইম ব্ৰান্সে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বিশাল চৌধুৰীক।
বিশাল চৌধুৰীয়ে দিল্লীৰ পৰা গুৱাহাটীলৈ যোগান ধৰে কোকেইন-হেৰ'ইনকে আদি কৰি নিচাযুক্ত দ্ৰব্য।
১৫ আগষ্টৰ আগনিশা গুৱাহাটীত ৰেভ পাৰ্টীৰ আয়োজন কৰি ড্ৰাগছৰ পোহাৰ মেলিছিল বিশাল চৌধুৰীয়ে। আৰক্ষীয়ে খাৰঘূলীৰ এটা এপাৰ্টমেণ্টৰ পৰা বৃহৎ পৰিমাণৰ কোকেইনৰ সৈতে আটক কৰিছিল ১৮ গৰাকী যুৱক-যুৱতীক।
জেৰাৰ সময়ত এজন ধৃত যুৱকে স্বীকাৰ কৰিছিল যে দিল্লীৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল কোকেইনখিনি। সাধাৰণতে কোকেইন বিদেশৰ পৰাই অসমলৈ সৰবৰাহ হয়। ইয়াৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই বিশালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|