ছচিয়েল মিডিয়াত ছেয়াৰ কৰা এটা ভিডিঅ'ত যুৱতীগৰাকীয়ে নিজকে মানসিক ৰোগী বুলি কৈছে। তেওঁৰ হৃদযন্ত্ৰ, কিডনী আৰু স্নায়বিক ৰোগ আছে বুলিও উল্লেখ কৰে ভিডিঅ'টোত।
ছচিয়েল মিডিয়াত ছেয়াৰ কৰা এটা ভিডিঅ'ত যুৱতীগৰাকীয়ে নিজকে মানসিক ৰোগী বুলি কৈছে। তেওঁৰ হৃদযন্ত্ৰ, কিডনী আৰু স্নায়বিক ৰোগ আছে বুলিও উল্লেখ কৰে ভিডিঅ'টোত।
দেশজুৰি ভাইৰেল হোৱা লক্ষ্ণৌৰ সেই ভডিঅ'টো সকলোৰে মনত আছে। এগৰাকী যুৱতীয়ে এজন কেব চালকক এটা ট্ৰেফিক ছিগনেলত এটা এটাকৈ মুঠ ২২টা চৰ সোধোৱা দৃশ্য। ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰা যুৱতীগৰাকীৰ এই কাণ্ডৰ টেকেলি ফুটিবলৈ কিন্তু বেছি পৰ নালাগিল।
যুৱতীগৰাকীৰ অভিযোগত কেব চালক আৰু তেওঁৰ কেবত থকা তিনিজন লগৰীয়াক আটক কৰিছিল আৰু পিছত এৰি দিছিল। কিন্তু আৰক্ষীয়ে যেতিয়া ট্ৰেফিক ছিগনেলটোৰ চিচিটিভি ভিজুৱেল পৰীক্ষা কৰিলে তেতিয়া যুৱতীগৰাকীৰ অভিযোগৰ সত্যতাক লৈ সন্দেহ হ'ল। চিচিটিভিৰ ভিজুৱেলো ভাইৰেল হৈ পৰিল ছচিয়েল মিডিয়াত।
ইয়াৰ পিছতে কেব চালকজনৰ প্ৰতি সাধাৰণ লোকৰ সহানুভূতি বৃদ্ধিৰ বিপৰীতে যুৱতীগৰাকীৰ প্ৰতি প্ৰকাশ পায় চৰম উষ্মা প্ৰকাশ কৰে। ৰাইজেৰ গ্ৰেপ্তাৰৰ দাবী কৰাত যুৱতীগৰাকীৰ বিৰুদ্ধে গেচৰ ৰুজু কৰিবলৈ বাধ্য হয় আৰক্ষী। সেই অনুসৰি সোমবাৰে যুৱতীগৰাকীৰ বিৰুদ্ধে লক্ষ্ণৌৰ কৃষ্ণ নগৰ থানাত যুৱতীগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হয়। এজাহাৰ দাখিলৰ পিছত বুধবাৰে ছচিয়েল মিডিয়াত আত্মপ্ৰকাশ কৰে যুৱতীগৰাকীয়ে।
লক্ষণীয় যে ছচিয়েল মিডিয়াত ছেয়াৰ কৰা এটা ভিডিঅ'ত যুৱতীগৰাকীয়ে নিজকে মানসিক ৰোগী বুলি কৈছে। তেও কয় যে তেওঁৰ মানসিক ৰোগৰ চিকিৎসা চলি আছে। তেওঁ আৰু কয় যে তেওঁ সদায় খোজ কাঢ়িব লাগে স্বাস্থ্য ৰক্ষাৰ বাবে। তেওঁৰ হৃদযন্ত্ৰ, কিডনী আৰু স্নায়বিক ৰোগ আছে বুলিও উল্লেখ কৰে ভিডিঅ'টোত। যুৱতীগৰাকীয়ে পুনৰ কেব চালকজনৰ বিৰুদ্ধে তেওঁক প্ৰহাৰৰ অভিযোগ কৰিছে। এতিয়া লক্ষণীয় হ'ব আৰক্ষীৰ তদন্তই কি ৰূপ লয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|