• Home
  • »
  • News
  • »
  • crime
  • »
  • লোমহৰ্ষক! বাক্সাত বিবাহিত প্ৰেমিকাৰে মিলি প্ৰেমিকে হত্যা কৰি নৈত উটুৱাই দিলে যুৱকক

লোমহৰ্ষক! বাক্সাত বিবাহিত প্ৰেমিকাৰে মিলি প্ৰেমিকে হত্যা কৰি নৈত উটুৱাই দিলে যুৱকক

স্থানীয় ৰাইজৰ অভিযোগ মতে, চূণবাৰী গাঁওৰ যুৱক সাহাদত আলী আৰু জয়গন নেছাৰ মাজত আছে অবৈধ প্ৰেমৰ সম্পৰ্ক

স্থানীয় ৰাইজৰ অভিযোগ মতে, চূণবাৰী গাঁওৰ যুৱক সাহাদত আলী আৰু জয়গন নেছাৰ মাজত আছে অবৈধ প্ৰেমৰ সম্পৰ্ক

স্থানীয় ৰাইজৰ অভিযোগ মতে, চূণবাৰী গাঁওৰ যুৱক সাহাদত আলী আৰু জয়গন নেছাৰ মাজত আছে অবৈধ প্ৰেমৰ সম্পৰ্ক

  • Share this:

বাক্সাৰ শালবাৰীত অবৈধ প্ৰেমৰ বাবেই সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড৷ বিবাহিত প্ৰেমিকাৰে মিলি প্ৰেমিকে হত্যা কৰি এজন যুৱকৰ মৃতদেহ উটুৱাই দিলে নদীৰ বুকুত ৷ হত্যাৰ বলি হোৱা যুৱকজন গোৱৰ্দ্ধনা থানাৰ অন্তৰ্গত চূণবাৰীৰ জামাল উদ্দিন৷


ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডৰ স'তে জড়িত জামাল উদ্দিনৰ পত্নী জয়গন নেছা আৰু জয়গনৰ প্ৰেমিক সাহাদত আলীক গ্ৰেপ্তাৰ কৰিছে ৷ দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী আৰু এনডিআৰএফ বাহিনীয়ে বেঁকী নৈৰ বুকুত মৃতদেহ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷


স্থানীয় ৰাইজৰ অভিযোগ মতে, চূণবাৰী গাঁওৰ যুৱক সাহাদত আলী আৰু জয়গন নেছাৰ মাজত আছে অবৈধ প্ৰেমৰ সম্পৰ্ক, যাৰ বাবে দুয়োজনে মিলি অবৈধ প্ৰেমৰ বাবে একে গাঁৱৰে জামাল উদ্দিন নামৰ যুৱকজনক হত্যা কৰি বেঁকী নৈত পেলাই দিছে ৷ জামাল উদ্দিনৰ পত্নী জয়গন নেছা আৰু সাহাদত আলীৰ মাজত বহু দিনৰে পৰা আছিল প্ৰেমৰ অবৈধ সম্পৰ্ক, যাৰ বাবে জামাল উদ্দিনক হত্যা কৰি সম্পৰ্ক গভীৰ কৰাৰ চেষ্টা কৰিছিল পত্নী আৰু প্ৰেমিকে৷ ঘটনাটোৱে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি