কেইদিনমান পূৰ্বে তিতাবৰ আৰু দেৰগাও সমষ্টিৰ সীমান্তৰ চামগুৰি-গটঙা ৰে'ললাইনৰ সমীপত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ । মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত । অৱশেষত গৰ্ভৱতী যুৱতীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত বাদুলীপাৰৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যোৰহাট আৰক্ষী ।
গটঙা চাহ বাগিচাৰ মাজেৰে যোৱা ৰে'ললাইনৰ কাষত পৰি থকা যুৱতীগৰাকীৰ মৃতদেহ দেখাৰ পিছতে সকলোৰে মনত সন্দেহ হৈছিল যে এই ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড । অৱশেষত যোৰহাট আৰক্ষীৰ জালত পৰিল হত্যাকাৰী ৰাখী ঘটোৱাৰ । যোৱা ১৩ জুলাইত গটঙা চাহ বাগিচাত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড । ৰাখীয়ে চুৰিদাৰৰ চুন্নীৰে ডিঙি চেপি হত্যা কৰিছিল যুৱতীগৰাকীক । আৰু হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল ৰাখীয়ে । ইয়াৰ বাবে হত্যা কৰাৰ পিছত মৃতদেহ চোচৰাই নি পেলাই থৈছিল ৰে'ল লাইনত । এই ঘটনাৰ পিচৰে পৰা পলাতক হৈ আছিল মূল অভিযুক্ত ৰাখী । কিন্তু অৱশেষত বাচিপথাৰৰ পৰা ৰাখীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যোৰহাট আৰক্ষী ।
আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে অন্তঃসত্ত্বা আছিল নিহত যুৱতীগৰাকী । ইয়াকে লৈ দুয়োৰে মাজত মতানৈক্য হৈছিল আৰু অৱশেষত ৰাখীয়ে যুৱতীগৰাকীক হত্যা কৰাৰ পৰিকল্পনা কৰে । আৰক্ষীৰ সন্মুখত ইতিমধ্যে ৰাখীয়ে স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা । প্ৰেমৰ সম্পৰ্ক হঠাৎ হত্যাকাণ্ডৰ দৰে ঘৃণনীয় ঘটনালৈ অৱনমিত হোৱা এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|