,চাৰিওফালে টহলদাৰী আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীৰ GS ৰোডত পুনৰ দিন-দুপৰতে সংঘটিত হল এক চাঞ্চল্যকৰ ধন লুটৰ ঘটনা ৷ সময় তেতিয়া দিনৰ ১২ বাজি ৩০ মিনিট ৷ খ্ৰীষ্টানবস্তিত থকা AXIS বেংকৰ পৰা দ্য কুমাৰ এণ্ড চেলছ নামৰ প্ৰতিষ্ঠানটোৰ ধন নিব আহিছিল প্ৰতিষ্ঠানটোৰে কৰ্মচাৰী দীনেশ সিঙে ৷ বেংকটোৰ পৰা ৪ লাখ টকা লৈ দীনেশ সিঙে নিজৰ চাইকেলেৰে গৈ আছিল প্ৰতিষ্ঠানটোলৈ ৷ চাইকেলৰ আগত এটা পলিথিনত আছিল ধনখিনি ৷ বেংকৰ পৰা টকাখিনি লৈ লাহে লাহে দীনেশ সিং প্ৰতিষ্ঠানটোত চৌহদত প্ৰৱেশ কৰাৰ সময়তে বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিয়ে টকাৰ বেগটো ৷
মুহূৰ্তৰ ভিতৰতে টকাৰ বেগটো থপিয়াই নিয়াত দীনেশ সিঙে চিঞৰ–বাখৰ কৰে যদিও বেগটো লৈ উধাও হয় বাইকত অহা দুই দুৰ্বৃত্ত ৷ অৱশেষত ভঙাগড় আৰক্ষীৰ কাষ চাপে দীনেশ সিং৷
ইতিমধ্যে আৰক্ষীয়ে তীক্ষ্ণভাৱে বিশ্লেষণ কৰিছে CCTV visual ৷ চিচি টিভি ভিজুৱেলত কৰ্মচাৰীজনৰ ভুল দেখা পাইছে আৰক্ষীয়ে ৷ এবছৰ পূৰ্বে ২৬ জুনৰ দিনটোতে এই AXIS বেংকটোৰ ভিতৰৰ পৰাই দুৰ্বৃত্তই কাঢ়ি নিছিল ৪ লাখ ৪৪ হাজাৰ টকা ৷ দুৰ্ভাগ্যৰ বিষয় সেই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত এজনো ডকাইতক আজিও জালত পেলাব নোৱাৰিলে আৰক্ষীয়ে ৷ প্ৰশ্ন উঠিছে কিয় টাৰ্গেট হৈছে খীষ্টানবস্তিৰ AXIS বেংক ? আৰক্ষীৰ আশ্বাস অচিৰে জালত পেলাবলৈ সক্ষম হ'ব দিন দুপৰতে GS ৰোডত লুটপাত চলোৱা দুৰ্বৃত্ত গেঙৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|