உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • সুৰা সৰবৰাহত ব্যৱহাৰ ইনোভা, অসমৰ পৰা পশ্চিমবংগলৈ নিওঁতে জালত পৰিল চেলিম আৰু সুব্ৰদীপ

    সুৰা সৰবৰাহত ব্যৱহাৰ ইনোভা, অসমৰ পৰা পশ্চিমবংগলৈ নিওঁতে জালত পৰিল চেলিম আৰু সুব্ৰদীপ

    Police Seized Illegal Liquor: ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে শিমলুটাপু আৰক্ষীয়ে আটক কৰে বিলাসী বাহনখন।

    Police Seized Illegal Liquor: ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে শিমলুটাপু আৰক্ষীয়ে আটক কৰে বিলাসী বাহনখন।

    Police Seized Illegal Liquor: ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে শিমলুটাপু আৰক্ষীয়ে আটক কৰে বিলাসী বাহনখন।

    • Share this:
    নিচা জাতীয় দ্ৰব্য,  ড্ৰাগছৰ প্ৰতি আৰক্ষী প্ৰশাসন কঠোৰ হৈছে যদিও বন্ধ কৰিব পৰা নাই নিচা জাতীয় দ্ৰব্যৰ অবৈধ সৰবৰাহ। নিত্য নতুন কৌশল অৱলম্বন কৰি নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰে সৰবৰাহকাৰীয়ে।  এইবাৰ বিলাসী বাহনত লৈ আহিল বিলাতী মদ। ইন'ভা বাহনেৰে বিলাতী মদৰ কাৰ্টন ভৰ্তি কৰি অসম অতিক্ৰম কৰি চুবুৰীয়া ৰাজ্য পশ্চিম বংগলৈ সোমাবলৈ লওঁতে ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে শিমলুটাপু আৰক্ষীয়ে আটক কৰে বিলাসী বাহনখন (Police Seized Illegal Liquor)।

    উল্লেখ্য যে শনিবাৰে কোকৰাঝাৰ জিলাৰ (Kokrajhar) গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তবৰ্তী শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথত গোপন সূত্ৰৰ ভিত্তিত  শিমুলটাপু আৰক্ষীয়ে অভিযান চলায়। ৰাষ্ট্ৰীয় ঘাই পথত আৰক্ষীয়ে অভিযান চলাই দুই লাখ টকাৰ বিলাতী মদসহ দুজনক গ্ৰেপ্তাৰ কৰে। লগতে এখন ইন'ভা বিলাসী বাহন জব্দ কৰে আৰক্ষীয়ে।

    ইন'ভা গাড়ীখনৰ নম্বৰ AS01- AQ 7359 ।  গাড়ীখনৰ  ভিতৰত আছিল ৭৫ কাৰ্টন বিলাতী মদ। বিলাতী মদসমূহ বৰপেটাৰ পৰা পশ্চিম বংগ অভিমুখে লৈ গৈ আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে। গাড়ীৰ লগতে গাড়ীৰ চালক নিউ  বঙাইগাঁৱৰ ভাওলাগুৰিৰ চেলিম উদ্দীন (৩০) আৰু সুব্ৰদীপ ঘোষ (২৫)ক আটক কৰে আৰক্ষীয়ে। শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষী বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে জব্দ কৰে বিদেশী মদভৰ্তি ইন'ভা বাহনখন। ইতিমধ্যে জব্দকৃৎ বিলাতী মদ আবকাৰী বিভাগৰ হাতত জমা দিছে আৰক্ষীয়ে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: