• Home
  • »
  • News
  • »
  • crime
  • »
  • Nagaon Paper Mill: চৰকাৰে বন্ধ কৰাৰ পিছতে জাগীৰোডৰ নগাঁও কাগজ কল কাষৰ বনাঞ্চলত ভূমাফিয়াৰ শেনচকু

Nagaon Paper Mill: চৰকাৰে বন্ধ কৰাৰ পিছতে জাগীৰোডৰ নগাঁও কাগজ কল কাষৰ বনাঞ্চলত ভূমাফিয়াৰ শেনচকু

বনাঞ্চলৰ মাটি খননেৰে চলাইছে ব্যৱসায়

বনাঞ্চলৰ মাটি খননেৰে চলাইছে ব্যৱসায়

বনাঞ্চলৰ মাটি খননেৰে চলাইছে ব্যৱসায়

  • Share this:
বন্ধ হৈ পৰা নগাঁও কাগজ কলৰ লগতে কাগজ কলৰ সমীপৰ বনাঞ্চলত এতিয়া একাংশ দুষ্টচক্ৰৰ শেনচকু ৷ কাগজ কলৰ গাতে লাগি থকা সোণাইকুছি বনাঞ্চলত চলিছে ভূমাফিয়াৰ দপদপনি ৷ দিনৰ পোহৰতে কাটি নিছে বনাঞ্চলৰ মাটি ৷ বন বিভাগৰ (forest department) মাটি কাটি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে দুষ্টচক্ৰই ৷

বিগত কেইবা বছৰ ধৰি বন্ধ হৈ আছে জাগীৰোডৰ নগাঁও কাগজ কল ( Nagaon paper mill) ৷ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ বহু কৰ্মচাৰীয়ে এৰিছে নিজৰ আবাস গৃহ ৷ ফলত একপ্ৰকাৰ জনশূন্য হৈ পৰিছে কাগজ কলৰ আৱাসিক এলেকা ৷ আৰু ইয়াৰ যেন পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ ভূমাফিয়াই ৷

জনশূন্য পৰিৱেশৰ সুযোগ লৈ কাগজ কলৰ গাতে লাগি থকা সোণাইকুছি বনাঞ্চলত চলাইছে অবৈধ খনন ৷ বন বিভাগৰ অজ্ঞাতে এটা দুষ্টচক্ৰই বনাঞ্চলৰ মাটি কাটি চলাই গৈছে ৰমৰমীয়া ব্যৱসায় ৷

মাটি কঢ়িওৱা বাহনৰ চালকৰ অভিযোগ অনুসৰি দেৱেন কলিতা নামৰ এজন ঠিকাদাৰে চলাই গৈছে এই দুষ্কাৰ্য ৷ স্থানীয় লোকক ডাবি-ধমকিৰে ঠিকাদাৰ দেৱেন কলিতাই দৈনিক বনাঞ্চলৰ মাটি কাটি বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷

দিন দুপৰতে জাগীৰোডৰ (Jagiroad) সোণাইকুছি বনাঞ্চলত চলাই অহা এই অবৈধ মাটি খনন কাৰ্য বন্ধ কৰিবলৈ বন বিভাগক দাবী জনাইছে স্থানীয় সচেতন লোকে ৷ এসময়ৰ নগাঁও কাগজ কলৰ ঠিকাদাৰ দেৱেন কলিতাৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় সচেতন মহলে ৷
Published by:Gautam Barman
First published: