বিদ্যালয়ৰ পৰাই চাইকেল চুৰি
Bicycle Thief : ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ চাইকেল কৌশলেৰে চুৰি কৰি নিয়ে এজনী মহিলাই ।
ৰঙিয়াত এজনী চুৰুণী (Lady Thief)য়ে বিদ্যালয়ৰ পৰা চুৰি কৰি নিলে এগৰাকী ছাত্ৰীৰ চাইকেল (Bicycle) । ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ চাইকেল কৌশলেৰে চুৰি কৰি নিয়ে এজনী মহিলাই । পিছে চিচিটিভি (CCTV)ত আৱদ্ধ হৈ থাকিল সমগ্ৰ দৃশ্য ।
কিদৰে মহিলাগৰাকীয়ে চাইকেলখন চুৰি কৰি নিয়ে সকলো কাণ্ড গোপন কেমেৰাত বন্দী হৈ থাকিল ! ক'লা চেলৱাৰ আৰু নীলা চুৱেটাৰ পৰিহিত মহিলাগৰাকীয়ে প্ৰথমে বিদ্যালয়খনৰ মুখ্য গেটেৰে ভিতৰত প্ৰৱেশ কৰে । লগে লগে কোনো নথকাৰ সুযোগত ছাত্ৰীগৰাকীৰ চাইকেলখন লৈ উধাও হয় । এই সমগ্ৰ দৃশ্য বন্দী হয় বিদ্যালয়খনৰ চিচিটিভি কেমেৰাত ।
ইতিমধ্যে ছাত্ৰী গৰাকীৰ পিতৃয়ে চাইকেল চুৰি সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে । দিন দুপৰতে বিদ্যালয় চলি থকা সময়ত এনেদৰে এজনী চুৰুণীয়ে চাইকেল চুৰি কৰি নিৰ্বিঘ্নে আঁতৰি যোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । নতুনকৈ ক্ৰয় কৰা চাইকেলখন চুৰি হোৱাত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীয়ে দুখ প্ৰকাশ কৰে । শীঘ্ৰে চাইকেলখন জব্দ কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি দিবলৈ আহ্বান জনায় ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|