உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • এৰোপ্লেনত আহে ড্ৰাগছ সৰবৰাহকাৰী। মাৰাত্মক মৰফিনসহ গুৱাহাটীত গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক। ৰে'ল-বাছেৰে সহজেই সৰবৰাহ কৰে নিচাযুক্ত দ্ৰব্য।

    এৰোপ্লেনত আহে ড্ৰাগছ সৰবৰাহকাৰী। মাৰাত্মক মৰফিনসহ গুৱাহাটীত গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক। ৰে'ল-বাছেৰে সহজেই সৰবৰাহ কৰে নিচাযুক্ত দ্ৰব্য।

    binary comment

    binary comment

    কামাখ্যা ষ্টেচনত ৰে'ল আৰক্ষীয়ে প্ৰায় ২১৫ গ্ৰাম ওজনৰ মৰফিন উদ্ধাৰ কৰে। জব্দ হোৱা মৰফিনখিনিৰ বজাৰমূল্য ৫ লাখ টকা

    • Share this:


    অসম আৰক্ষীৰ অভিযানত ৰাজ্যজুৰি মাৰাত্মক হেৰ'ইন, ব্ৰাউন চুগাৰকে আদি কৰি যিমান নিচাযুক্ত দ্ৰব্য জব্দ কৰিছিল সেই তালিকাত শেহতীয়াকৈ সংযোজন হ'ল মাৰাত্মক মৰফিনৰ নাম। গুৱাহাটী মহানগৰীৰ কামাখ্যা ৰে'ল ষ্টেচন দেওবাৰে জব্দ হ'ল বৃহৎ পৰিমাণৰ মৰফিন।

    জানিব পৰা মতে, কামাখ্যা ৰে'লৱে আৰক্ষী চকীৰ আৰক্ষীৰ দলে মৰফিনৰ সৈতে এজন যুৱকক আটক কৰে। ধৃত যুৱকজনৰ নাম মিণ্টু বণিক আৰু তেওঁৰ ঘৰ পশ্চিমবংগৰ বনগাৱঁত।

    যুৱকজনে কামাখ্যা ষ্টেচনৰ প্লেটফৰ্মত ঘূৰি ফুৰাৰ সময়ত চৰকাৰী ৰে'ল আৰক্ষীৰ সন্দেহ ওপজে। আৰক্ষীৰ দলটোৱে লগে লগে যুৱকজনক সোধা-পোছা কৰাৰ লগতে তালাচী চলায়। এই তালাচীতে যুৱকজনৰ পৰা ৰে'ল আৰক্ষীয়ে প্ৰায় ২১৫ গ্ৰাম ওজনৰ মৰফিন উদ্ধাৰ কৰে। জব্দ হোৱা মৰফিনখিনিৰ বজাৰমূল্য ৫ লাখ টকা হ'ব বুলি ৰে'ল আৰক্ষীয়ে জানিবলৈ দিছে।

    ধৃত যুৱকজনে আৰক্ষীৰ সন্মুখত দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁ দুদিন পূৰ্বে কলকাতাৰ পৰা ফ্লাইটেৰে ইম্ফললৈ আহিছিল। তাত তেওঁ জামাল নামৰ এজন লোকৰ পৰা মৰফিনখিনি ক্ৰয় কৰে। ইয়াৰ পাছতে যোৱা নিশা ইম্ফলৰ পৰা এখন বাছযোগে গুৱাহাটী ISBTলৈ আহে আৰু তাৰ পৰা পোনে পোনে কামাখ্যা ষ্টেচনলৈ মেজিকত আহে। যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
    Published by:Manjumoni Borah
    First published: