• Home
  • »
  • News
  • »
  • crime
  • »
  • Ganza Seized : গোপন চেম্বাৰত লুকুৱাই নিয়ে কোটি টকাৰ গাঞ্জা, আৰক্ষীৰ জালত কণ্টেইনাৰ ট্ৰাকসহ দুজন।

Ganza Seized : গোপন চেম্বাৰত লুকুৱাই নিয়ে কোটি টকাৰ গাঞ্জা, আৰক্ষীৰ জালত কণ্টেইনাৰ ট্ৰাকসহ দুজন।

গুৱাহাটীৰ পৰা কলকাতা অভিমুখে নি থকা অৱস্থাত গোসাঁইগাঁৱত ট্ৰাকসহ ১ কোটি ২৫ লাখ টকাৰ গাঞ্জা জব্দ।

গুৱাহাটীৰ পৰা কলকাতা অভিমুখে নি থকা অৱস্থাত গোসাঁইগাঁৱত ট্ৰাকসহ ১ কোটি ২৫ লাখ টকাৰ গাঞ্জা জব্দ।

গুৱাহাটীৰ পৰা কলকাতা অভিমুখে নি থকা অৱস্থাত গোসাঁইগাঁৱত ট্ৰাকসহ ১ কোটি ২৫ লাখ টকাৰ গাঞ্জা জব্দ।

  • Share this:
অসম-বংগ সীমান্তৱৰ্তীৰ শ্ৰীৰামপুৰত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। শ্ৰীৰামপুৰস্থিত ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ১ কোটি ২৫ লাখ টকাৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

গাঞ্জা জব্দ কৰাৰ  লগতে কলকাতাৰ প্ৰীতম সিংহ আৰু তাপস অধিকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গাঞ্জখিনি এখন কণ্টেইনাৰ ট্ৰাকত গুৱাহাটীৰ পৰা কলকাতালৈ নিয়াৰ কথা আছিল।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক টুৱে প্ৰতীক বিজয় কুমাৰে জনোৱা মতে কাহিলি পুৱাতে কণ্টেইনাৰ ট্ৰাকখন জব্দ কৰা হয় যদিও চালকজন পলায় সাৰে। অৱশ্যে ট্ৰাকখনৰ দুজন হেণ্ডিমেনক আটক কৰে আক্ষীয়ে। ট্ৰাকখনৰত গোপন চেম্বাৰৰ পৰা গাঞ্জাৰ ৬১টা পেকেট উদ্ধাৰ কৰা হয়। ট্ৰাকত ৬২২ কেজি গাঞ্জা আছিল। এইখিনি গাঞ্জাৰ বজাৰ দৰ হ'ব প্ৰায় এক কোটি পচিশ লাখ টকা।
Published by:Manjumoni Borah
First published: