মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»কোকৰাঝাৰত গ্ৰেপ্তাৰ আৱকাৰী অধীক্ষক ! নগদ ২৫ হাজাৰ টকা উৎকোচ লৈ থকা সময়তে ধৰা পৰিল হিমানজ্যোতি বৰা...

কোকৰাঝাৰত গ্ৰেপ্তাৰ আৱকাৰী অধীক্ষক ! নগদ ২৫ হাজাৰ টকা উৎকোচ লৈ থকা সময়তে ধৰা পৰিল হিমানজ্যোতি বৰা...

News18 Assam | News18-Assam
Updated:September 11, 2021, 1:58 PM IST
কোকৰাঝাৰত গ্ৰেপ্তাৰ আৱকাৰী অধীক্ষক ! নগদ ২৫ হাজাৰ টকা উৎকোচ লৈ থকা সময়তে ধৰা পৰিল হিমানজ্যোতি বৰা...
কোকৰাঝাৰত হিমানজ্যোতি বৰা নামৰ আৱকাৰী অধীক্ষক গৰাকীক গুৱাহাটীৰ দুৰ্নীতি নিবাৰক আৰু তদন্তকাৰী সঞ্চালক কাৰ্যালয়ৰ পৰা অহা ১৪ জনীয়া এটা দলে নগদ ২৫ হাজাৰ টকা উৎকোচ  লৈ থকা সময়তে হাতেলোটে ধৰা পেলাবলৈ সক্ষম হয় ৷

  • News18 Assam
  • Last Updated: September 11, 2021, 1:58 PM IST
  • Share this:
বিটিআৰৰ সদৰ কোকৰাঝাৰত আৱকাৰী বিভাগৰ এগৰাকী অধীক্ষক গ্ৰেপ্তাৰ হোৱা ঘটনাই কোকৰাঝাৰ চহৰৰ লগতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে হিমানজ্যোতি বৰা নামৰ আৱকাৰী অধীক্ষক গৰাকীক গুৱাহাটীৰ দুৰ্নীতি নিবাৰক আৰু তদন্তকাৰী সঞ্চালক কাৰ্যালয়ৰ পৰা অহা ১৪ জনীয়া এটা দলে নগদ ২৫ হাজাৰ টকা উৎকোচ লৈ থকা সময়তে হাতেলোটে ধৰা পেলাবলৈ সক্ষম হয় ৷

বিষয়াগৰাকীৰ কোকৰাঝাৰ চহৰৰ জেডি ৰোডস্থিত চেন্ট্ৰেল বেংকৰ পিছফালে থকা অস্থায়ী ভাড়াঘৰত আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাই জোৰদাৰ অভিযান চলায় ৷ গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীৰ বিভিন্ন ধৰণৰ নথিপত্ৰ,ফাইল আদি তন্ন তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰা হয় যদিও তদন্তকাৰী দলটোৱে সবিশেষ জনোৱাৰ পৰা বিৰত আছে ৷  উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা আৱকাৰী বিভাগৰ অধীক্ষক হিমানজ্যোতি বৰাক নিশাই গুৱাহাটীলৈ নিয়া হয়৷  গুৱাহাটীৰ পৰা  অহা ১৪ জনীয়া  দুৰ্নীতি নিবাৰক শাখাই কোকৰাঝাৰ আৰক্ষীৰ সহযোগত প্ৰায় আঠঘন্টাযোৰা চলোৱা পৰীক্ষা-নিৰীক্ষা আৰু তদন্তৰ পিচত নিশাৰ ভাগতে বিষয়াগৰাকীসহ গুৱাহাটীলৈ ৰাওনা দিয়ে৷  অতিৰিক্ত আৰক্ষী অধীক্ষক কৰুণা বৰদলৈৰ নেতৃত্বত উক্ত অভিযানটো চলোৱা হৈছিল ৷
(কোকৰাঝাৰৰ  পৰা সূৰয বসুমতাৰী)
Published by: Kokil Sarma
First published: September 11, 2021, 1:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি