• Home
  • »
  • News
  • »
  • crime
  • »
  • Knife Attack: পাশৱিক, নৃশংস, অমানৱীয় ! ধেমাজিৰ পিছত এইবাৰ চাংসাৰি ! আৰক্ষী থানাৰ সন্মুখত ৰাজপথত যুৱতীক চুৰিকাঘাত...

Knife Attack: পাশৱিক, নৃশংস, অমানৱীয় ! ধেমাজিৰ পিছত এইবাৰ চাংসাৰি ! আৰক্ষী থানাৰ সন্মুখত ৰাজপথত যুৱতীক চুৰিকাঘাত...

Representative Image

Representative Image

Knife Attack: গুৱাহাটী মহানগৰীৰ সমীপৰ চাংসাৰি (Changsari)ৰ ৰাজপথত চুৰিৰে উপৰ্যুপৰি আক্ৰমণ এগৰাকী যুৱতীক। চাংসাৰি থানাৰ সন্মুখতে সংঘটিত হ'ল গাৰ নোম শিয়ৰি উঠা এই বৰ্বৰ আক্ৰমণৰ ঘটনা।

  • Share this:
Knife Attack: ধেমাজিৰ (Dhemaji) নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ ঘটনাত শোকস্তব্ধ ৰাজ্যবাসী। নন্দিতাৰ মৃত্যুৰ ২৪ ঘণ্টা পাৰ হোৱা নাই, পুনৰ ৰাজপথত চুৰিকাঘাত যুৱতীক। ৰাজপথত চুৰীৰে পাশৱিক আক্ৰমণ এগৰাকী অসহায় যুৱতীক।

এইবাৰ ঘটনাৰ স্থান গুৱাহাটী মহানগৰীৰ সমীপৰ চাংসাৰি (Changsari)। ৰাজপথত চুৰিৰে উপৰ্যুপৰি আক্ৰমণ এগৰাকী যুৱতীক আৰু নীৰৱ দৰ্শক হৈ থাকিল উপস্থিত লোক। চাংসাৰি থানাৰ সন্মুখতে সংঘটিত হ'ল গাৰ নোম শিয়ৰি উঠা এই বৰ্বৰ আক্ৰমণৰ ঘটনা।

সময় তেতিয়া বিয়লি ৫ বাজিছিল। দৰং পানবাৰীৰ এগৰাকী যুৱতীলৈ যেন নামি আহিছিল কালসন্ধ্যা। ইমৰাণ হুছেইন নামৰ নৰপিশাচে প্ৰলোভনেৰে চাংসাৰিলৈ মাতি আনিছিল যুৱতীগৰাকীক আৰু উপস্থিত হোৱাৰ পিছতেই মাংসৰ দোকানত কৰ্মৰত ইমৰাণে পেটত সোমাই দিছিল চুৰী। নিমিষতে লাগিল হুৱাদুৱা । লগে লগে আক্ৰমণকাৰী দৌৰি গৈ চাংসাৰি থানাত আত্মসমৰ্পণ কৰে । দৰং দলগাঁৱৰ ইমৰাণ হুছেইনে পোন্ধৰ দিন পূৰ্বে চাংসাৰিৰ এখন কচাই খানাত কামত সোমাইছিল। ইমৰাণে বুধবাৰে ধনৰ প্ৰলোভনেৰে দৰং পানবাৰীৰ পৰা যুৱতীগৰাকীক মাতি আনিছিল বুলি অভিযোগ উত্থাপন হৈছে।

সংকটজনক অৱস্থাত যুৱতীগৰাকীক লগে লগে ভৰ্তি কৰোৱা হয় তোলাৰাম বাফনা চিকিৎসালয়ত আৰু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত GMCHত ভৰ্তি কৰা হয় । সম্প্ৰতি GMCHৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুজিছে যুৱতীগৰাকী। চাংসাৰি আৰক্ষীয়ে ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত। সংগ্ৰহ কৰিছে  ঘটনা সংঘটিত স্থানৰ সমীপৰ বাজৈ হোটেলত থকা চি চি কেমেৰাৰ ফুটেজ।

আৰক্ষী থানাৰ সন্মুখতে কেনেকৈ সংঘটিত হ'বলৈ পালে এই নৃশংস ঘটনা ? ঘটনাৰ পিছতেই অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এনেদৰেই ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো যুৱতী আক্ৰমণৰ ঘটনা।
Published by:Kokil Sarma
First published: