গুৱাহাটীৰ উজান বজাৰত নিজৰে সম্পৰ্কীয় ভগ্নীক ঘৰতে অতি নৃশংস ভাৱে হত্যাৰ ঘটনাৰ চাঞ্চল্য আজিও মাৰ যোৱা নাই। সমগ্ৰ ঘটনাক ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা চলাইছিল যদিও ২৪ ঘণ্টাৰ ভিতৰতে লতাশীল আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল হত্যাকাৰী ৷
আৰক্ষীৰ সন্মূখত দিয়া ভাষ্য মতে যোৱা কিছুদিন ধৰি ককায়েক-ভণীয়েকৰ মাজত সাধাৰণ কথাক লৈ হৈ আছিল মনোমালিন্য । বুধবাৰে পুৱা সেই মনোমালিন্যই পালে চুড়ান্ত ৰূপ ৷ যাৰ বাবে তিল মানো নাভাবি অতি বৰ্বৰভাৱে নিজ হাতেৰে হত্যা কৰিলে ভগ্নীক ৷ হত্যাকাণ্ডৰ কাৰণ সন্দৰ্ভত দিয়া ভাষ্য মুঠেই মানিব ল'ব পৰা নাই কিশোৰীগৰাকীৰ পৰিয়াল আৰু ওচৰ চুবুৰিয়াই ৷
তাৰ মাজতে দুদিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত দেওবাৰে জেললৈ প্ৰেৰণ কৰা হ'ল হত্যাকাৰীক ৷ পিছে আৰক্ষীৰ জিম্মাত থকা সময়ত বিগত দুটা দিনত বাৰে বাৰে উচুপি উঠিছিল হত্যাকাৰী ৷ যেন নিজৰ কৰ্মক লৈ আজি অনুতপ্ত হৈছিল ৷ কিন্ত হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|