বৰপেটাৰোডৰ নিকটৱৰ্তী বাক্সা জিলাৰ লাৱদাংগুৰি আৰক্ষী চকীৰ অন্তৰ্গত কাজিয়ামাটি গাঁৱত সংঘটিত হয় এটা ভয়ংকৰ ঘটনা। ডিঙি কাটি হত্যাৰ চেষ্টা বিল্লাল হুছেইন নামৰ এজন লোকক। হত্যা কৰিবলৈ নিশা সিন্ধি খান্দি গৃহত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে ডিঙিত ঘপিয়াইছিল দুৰ্বৃত্তই। ঘটনাটোত গুৰুতৰভাৱে আহত হয় বিল্লাল হুছেইন। ঘটনাক লৈ পৰিয়ালৰ লোকে চিঞৰ–বাখৰ কৰাত অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি পলাই সাৰিবলৈ সক্ষম হয় দুৰ্বৃত্ত।
তাৰ পিছতে গুৰুতৰভাৱে আহত লোকজনক বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ (FAAMC) প্ৰেৰণ কৰে স্থানীয় লোকে।ৰাতিপুৱাই স্থানীয় লাৱদাংগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্ততহে উক্ত শিহৰণকাৰী ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হ'ব। উল্লেখ্য যে দুই সন্তানৰ পিতৃ কৃষক বিল্লাল হুছেইন বৰ্তমানেও সংকটজনক অৱস্থাত FAAMCত চিকিৎসাধীন হৈ আছে।
উক্ত ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আনহাতে দুৰ্বৃত্তক অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ABMSUৰ শালবাৰী জিলা সমিতিৰ সভাপতি শ্বাইজুদ্দিন খন্দকাৰে দাবী জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|