মঙলবাৰে কৰ্ণাটকৰ হুব্বল্লী চহৰৰ এখন হোটেলত ২৭ ছেকেণ্ডৰ ভিতৰতে ৬০ বাৰ ছুৰীৰে আঘাত কৰি কৰ্ণাটক (Karnataka)ৰ বিখ্যাত সৰলা বাস্তু বিশেষজ্ঞ চন্দ্ৰশেখৰ গুৰুজী (Sarala Vastu expert Chandrashekhar Guruji)ক হত্যা কৰা হয়। চিচিটিভি কেমেৰাত ধৰা পৰিছে এই ভয়ংকৰ কাণ্ড।
তদন্তৰ দায়িত্বত থকা জ্যেষ্ঠ আৰক্ষী বিষয়াই নিশ্চিত কৰিছে যে আক্ৰমণকাৰীসকল বাস্তু বিশেষজ্ঞ চন্দ্ৰশেখৰ গুৰুজী (Chandrashekhar Guruji)ৰ প্ৰাক্তন কৰ্মচাৰী আছিল আৰু পৰামৰ্শৰ অজুহাতত তেওঁক সাক্ষাৎ কৰিছিল।
এজন প্ৰত্যক্ষদৰ্শীয়ে হুব্বল্লী আৰক্ষীক জনোৱা মতে, চন্দ্ৰশেখৰ লবীত থিয় হৈ থকাৰ সময়তে আক্ৰমণকাৰী দুজনে আপাত দৃষ্টিত তেওঁৰ আশীৰ্বাদ বিচাৰি তেওঁৰ ওচৰলৈ আহিছিল। ৰিচেপচনত প্ৰথমে তেওঁলোকক চোফা এখনত বহিবলৈ দিয়া হৈছিল আৰু পিছত অপৰাধীসকলে চন্দ্ৰশেখৰ গুৰুজীৰ ওচৰলৈ আহিছিল। তেওঁলোকে সাধাৰণভাৱেই কথা-বতৰা পাতি আছিল আৰু অলপ পিছতে তেওঁলোকে বিজুলি গতিৰে আক্ৰমণ কৰি চন্দ্ৰশেখৰ গুৰুজী (Chandrashekhar Guruji Killed)ক তেজৰ পুখুৰীত এৰি থৈ যায়।
হত্যাকাণ্ডটো কেমেৰাত ধৰা পৰাত দেখা গৈছে যে কিদৰে মঞ্জুনাথ আৰু মহন্তেশ নামৰ দুজন আক্ৰমণকাৰীয়ে হোটেলখনৰ ৰিচেপচনত চন্দ্ৰশেখৰ গুৰুজীক একাষৰিয়া কৰি ছুৰীৰে আঘাত কৰি হত্যা কৰে। চন্দ্ৰশেখৰ গুৰুজী তিনিদিন ধৰি হুব্বল্লী (Hubballi)ত আছিল আৰু ২ জুলাইত মুম্বাইৰ পৰা আহিছিল।
কৰ্ণাটকৰ সুপৰিচিত ব্যক্তিত্বৰ লগতে বহু ৰাজনীতিবিদ আৰু বিষয়াক বাস্তু সম্পৰ্কীয় বিষয়ত পৰামৰ্শ দিছিল চন্দ্ৰশেখৰ গুৰুজীয়ে। সৰলা বাস্তু হৈছে পৰম্পৰাগত ভাৰতীয় স্থাপত্য ব্যৱস্থাৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰা স্থানীয় কানাড়া মনোৰঞ্জন চেনেল। বাস্তু বিশেষজ্ঞ হোৱাৰ উপৰিও ৰাজ্যজুৰি কেইবাটাও ৰিয়েল ইষ্টেট ব্যৱসায়ৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল বুলি জনা গৈছে।
উক্ত স্থানৰ পৰা পলায়ন কৰে যদিও পৰৱৰ্তী সময়ত হোটেলৰ চিচিটিভি কেমেৰাত তেওঁলোকৰ মুখ উন্মোচিত হোৱাৰ পিছতে দুই হত্যাকাৰীক গ্ৰেপাতৰ কৰি জিম্মাত লোৱা হয়। চন্দ্ৰশেখৰক কিমছ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আহি পোৱাৰ লগে লগে মৃত ঘোষণা কৰা হয়। এই ভয়ংকৰ কাৰ্যৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু আৰক্ষীয়ে News18ক জনোৱা মতে, বিষয়টোৰ তদন্ত চলি আছে আৰু অভিযুক্তসকলক জেৰা কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|