মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Breaking News: ধৰমতুলৰ পাছত এইবাৰ নগাঁৱৰ হুজ গাঁৱত সক্ৰিয় কিডনীৰ ব্যৱসায় চক্ৰ, সম্প্ৰতি কিডনী বিক্ৰীৰ বাবে কলকাতাত কেইবাজনো ব্যক্তি...

Breaking News: ধৰমতুলৰ পাছত এইবাৰ নগাঁৱৰ হুজ গাঁৱত সক্ৰিয় কিডনীৰ ব্যৱসায় চক্ৰ, সম্প্ৰতি কিডনী বিক্ৰীৰ বাবে কলকাতাত কেইবাজনো ব্যক্তি...

News18 Assam | News18-Assam
Updated:July 14, 2021, 3:38 PM IST
Breaking News: ধৰমতুলৰ পাছত এইবাৰ নগাঁৱৰ হুজ গাঁৱত সক্ৰিয় কিডনীৰ ব্যৱসায় চক্ৰ, সম্প্ৰতি কিডনী বিক্ৰীৰ বাবে কলকাতাত কেইবাজনো ব্যক্তি...
হুজ গাঁৱৰ কেইবাজনো লোকক দালাল চক্ৰই কলকাতালৈ নি বিক্ৰী কৰিছিল কিডনী। গাঁওখনৰ আৰু তিনি জন লোকক ইতিমধ্যে কিডনী বিক্ৰীৰ দালাল চক্ৰটোৱে লৈ গৈছে কলকাতালৈ।

হুজ গাঁৱৰ কেইবাজনো লোকক দালাল চক্ৰই কলকাতালৈ নি বিক্ৰী কৰিছিল কিডনী। গাঁওখনৰ আৰু তিনি জন লোকক ইতিমধ্যে কিডনী বিক্ৰীৰ দালাল চক্ৰটোৱে লৈ গৈছে কলকাতালৈ।

  • Share this:
ধৰমতুলৰ পাছত এতিয়া নগাঁৱৰ হুজ গাঁৱত সক্ৰিয় কিডনীৰ ব্যৱসায় চক্ৰ। কিডনীৰ দালাল চক্ৰৰ প্ৰলোভনৰ বলি হুজ গাঁৱৰ কেইবাজনো ব্যক্তি।

হুজ গাঁৱৰ কেইবাজনো লোকক দালাল চক্ৰই কলকাতালৈ নি বিক্ৰী কৰিছিল কিডনী। গাঁওখনৰ আৰু তিনি জন লোকক ইতিমধ্যে কিডনী বিক্ৰীৰ দালাল চক্ৰটোৱে লৈ গৈছে কলকাতালৈ। ধৰমতুল কাণ্ডৰ পাছতে এতিয়া পোহৰলৈ আহিছে হুজ গাঁৱৰ কথা।

হুজগাঁৱৰ ৭গৰাকী ব্যক্তিয়ে বৃক্ক দান কৰাৰ কথা পোহৰলৈ আহিছে। আৰ্থিকভাৱে অতি পিচপৰা পৰিয়ালকেইটিয়ে বৃক্ক দান কৰিছে কলকাতাত।  আনহাতে, বৃক্ক দান কৰি হুজগাঁৱলৈ উভতি অহা ৰাজু নাথে সংবাদ মাধ্যমক জনোৱা অনুসৰি, তেঁও স্ব-ইচ্ছাই বৃক্ক দান কৰিছে আৰু ইয়াৰ বিনিময়ত তেঁও কোনো মাননি লোৱা নাই। পিচে তেঁওৰ পত্নীয়ে ৫লাখ টকাৰ বিনিময়ত বৃক্ক দান কৰাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত স্বীকাৰ কৰিছে। গাঁওখনৰ একাংশ লোকৰ মতে, গাঁওখনৰ দুখীয়া লোকসকলক ধনৰ প্ৰলোভন দি মানৱ অংগৰ ব্যৱসায়ীয়ে এইদৰে বৃক্কৰ ব্যৱসায় চলাইছে। চক্ৰটোৰ হৈ নগাঁৱত এজন দালালে কাম কৰি আছে বুলিও ৰাইজে অভিযোগ কৰিছে। কিন্তু বৃক্ক দান কৰা লোকসকলে এই বিষয়ে মুখ খোলা নাই। বৰ্তমানলৈকে গাঁওখনৰ জিতু দাস, মহেন্দ্ৰ দাস, ৰাজু দাস, মঞ্জু দাস, বাপুটি দাস আৰু বিশাল দাসে বৃক্ক দান কৰাৰ কথা জানিব পৰা গৈছে। সেয়ে এইক্ষেত্ৰত চৰকাৰক উচিত ব্যৱস্থা লোৱাৰ দাবী তুলিছে হুজগাঁৱৰ ৰাইজে। ইপিনে কলকাতাত থকা গাঁৱৰ তিনিগৰাকী লোককো শীঘ্ৰে উদ্ধাৰ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে গাঁৱৰ ৰাইজে।
Published by: Kokil Sarma
First published: July 14, 2021, 3:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি