কাৰ্বি আংলঙ (Karbi Anglong)ত কেইবাটাও উগ্ৰপন্থী সংগঠনে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছতো শান্ত হোৱা নাই কাৰ্বি ভূমি। কাৰ্বি ভূমিত অজ্ঞাত সংগঠন অথবা অজ্ঞাত লোকে অপহৰণৰ ঘটনা সংঘটিত কৰি মুক্তিপণ হিচাপে ধন দাবী কৰাত সৃষ্টি হৈছে চাঞ্চল্যৰ।ইয়াৰ মাজতে আজি কাৰ্বি আংলং আৰক্ষী আৰু অপহৰণকাৰীৰ মাজত লাগে সংঘৰ্ষ লাগে।
জানিব পৰা মতে, ডকমকাৰ কানিয়া ইংতি গাঁৱত সংঘটিত হয় এই সংঘৰ্ষ।অপহৃত ব্যক্তিৰ মুক্তিৰ বিনিময়ত বিচৰা ধন নিবলৈ অহাৰ সময়তে পৰিকল্পনা মতে আৰক্ষীয়ে জালত পেলাই এটা অপহৰণকাৰীক। কিন্তু অপহৰণকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হোৱাত নিহত হয় ধন নিবলৈ অহা চাৰিগৰাকী অপহৰণকাৰী দলটোৰ এক সদস্য। লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে এটা পিষ্টলসহ ৪৮ জাই সক্ৰিয় গুলী।
সংঘৰ্ষৰ অন্তত অপহৃত অশোক যাদৱক আৰক্ষীয়ে জীৱন্তে কৰে উদ্ধাৰ।উল্লেখ্য যে যোৱা ১০ডিচেম্বৰৰ পুৱতি নিশা দুৰ্বৃত্তৰ দলটোৱে অপহৰণ কৰি নিছিল অশোক যাদৱক। ডকমকা থানাৰ অন্তৰ্গত পাৰখোৱাৰ দংহাপৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰিছিল (kidnappings) অশোক যাদৱক। অপহৃত অশোক যাদৱ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী 'স্কাইলাৰ্ক' কোম্পানীৰ আছিল কৰ্মচাৰী।
অপহৰণৰ পিছত অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰা ৩০ লাখ টকাৰ ধন নিবলৈ আহিছিল। আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত পলায়ন কৰা আন তিনিটা দুৰ্বৃত্তৰ সন্ধানতো আৰক্ষীয়ে তীব্ৰ কৰি তুলিছে অভিযান। উল্লেখ্য যে জিলাখনৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত ৰচনা কৰা পৰিকল্পনা মতে উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল বুলি জনা গৈছে। ইফালে নিহত অপহৰণকাৰীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|