যোগীঘোপাৰ পৰা কয়লা লৈ বহ্যিৰাজ্য অভিমুখে গৈ থকা WB-16-B-3940 নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে ৷
যোগীঘোপাৰ পৰা কয়লা লৈ বহ্যিৰাজ্য অভিমুখে গৈ থকা WB-16-B-3940 নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে ৷
ৰাজ্যত অব্যাহত আছে অবৈধ কয়লা সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ দেওবাৰে বঙাইগাঁৱৰ উত্তৰ শালমাৰাত আৰক্ষীয়ে জব্দ কৰে অবৈধ কয়লাভৰ্তি এখন ট্ৰাক ৷ যোগীঘোপাৰ পৰা কয়লা লৈ বহ্যিৰাজ্য অভিমুখে গৈ থকা WB-16-B-3940 নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে ৷ আৰক্ষীয়ে ট্ৰাকখনৰ লগতে এখন মাৰুতি ভিটাৰা ব্ৰেজ্জা(MARUTI VITARA BREZZA) আৰু কিয়া ছেলটোছ (KIA SALTOS) বাহনো জব্দ কৰে।
কয়লাৰ ট্ৰাকখনৰ সৈতে আব্দুল কাদেৰসহ পাঁচজনক আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ৷ কয়লাৰ ক'লা ব্যৱসায় সৈতে জড়িত আব্দুল কাদেৰ ইয়াৰ পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল। কাদেৰৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত বহু গোচৰ চলি থকা বুলিও জানিব পৰা গৈছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|