உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • ফেচবুকৰ দ্বাৰা চিনাকি, প্ৰেম আৰু পিছত প্ৰেমিকক এচিড নিক্ষেপ, অন্ধত্বৰ দিশে যুৱক

    ফেচবুকৰ দ্বাৰা চিনাকি, প্ৰেম আৰু পিছত প্ৰেমিকক এচিড নিক্ষেপ, অন্ধত্বৰ দিশে যুৱক

    সম্পৰ্কৰ এটা সময়ত অৰুণে জানিব পাৰে যে মহিলাগৰাকী বিবাহিত আৰু দুটা সন্তানৰ মাতৃ।

    সম্পৰ্কৰ এটা সময়ত অৰুণে জানিব পাৰে যে মহিলাগৰাকী বিবাহিত আৰু দুটা সন্তানৰ মাতৃ।

    সম্পৰ্কৰ এটা সময়ত অৰুণে জানিব পাৰে যে মহিলাগৰাকী বিবাহিত আৰু দুটা সন্তানৰ মাতৃ।

    • Share this:

    এচিড নিক্ষেপৰ ঘটনাত জড়িত হ'ল এগৰাকী মহিলা। ঘটনাটো কেৰালাত সংঘটিত হৈছে। দুই সন্তানৰ মাতৃ সেবাই (৩৫) এচিড নিক্ষেপ কৰে তেওঁৰ প্ৰেমিক যুৱকক। বিয়া কৰাবলৈ অস্বীকাৰ কৰাৰ বাবে প্ৰেমিকৰ ওপৰত এচিড নিক্ষেপ কৰাৰ অপৰাধত আৰক্ষীয়ে মহিলাগৰাকীক কালি কেৰালাৰ থিৰুৱন্তপুৰমত গ্ৰেপ্তাৰ কৰে।


    ভুক্তভোগী যুৱকজন অৰুণ কুমাৰ (২৮) বুলি চিনাক্ত কৰা হৈছে। এচিডত আঘাতপ্ৰাপ্ত অৰুণক কেৰালাৰ এখন চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।


    আৰক্ষীয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, অৰুণ কুমাৰৰ সৈতে ফেচবুকৰ জৰিয়তে মহিলাগৰাকীৰ পৰিচয় হৈছিল। সম্পৰ্কৰ এটা সময়ত অৰুণে জানিব পাৰে যে মহিলাগৰাকী বিবাহিত আৰু দুটা সন্তানৰ মাতৃ। পিছত যেতিয়া তেওঁ সম্পৰ্ক ৰাখিব নিবিচাৰিলে মহিলাগৰাকীয়ে তেওঁক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। তেওঁ টকা দাবী কৰে। শেষত এচিড নিক্ষেপ কৰে তেওঁক। চিকিৎসকে জনোৱা মতে, এচিডৰ বাবে চকু জ্বলি যোৱাত অৰুণে দৃষ্টিশক্তি হেৰুৱাব পাৰে।


    আৰক্ষীয়ে কয় যে অৰুণ কুমাৰে ১৬ নৱেম্বৰত ভগ্নী আৰু এজন বন্ধুৰ সৈতে আদিমালীৰ এটা গিৰ্জালৈ গৈ থকা সময়ত মহিলাগৰাকীয়ে লগ পাই আৰু আক্ৰমণ কৰে।


    আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা চিচিটিভি ফুটেজ উদ্ধাৰ কৰে আৰু যুৱকৰ পৰিয়ালে যোৱা শুক্ৰবাৰে এচিড আক্ৰমণ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাত পিছদিনা তেওঁক গ্ৰেপ্তাৰ কৰে।

    Published by:Gautam Barman
    First published: