• Home
  • »
  • News
  • »
  • crime
  • »
  • বানত উটি অহা আঘাতপ্ৰাপ্ত পহু লৈ পলায়নৰ চেষ্টা কৰা আৰক্ষী জোৱান হ'ল ৰঙাঘৰৰ আলহী...

বানত উটি অহা আঘাতপ্ৰাপ্ত পহু লৈ পলায়নৰ চেষ্টা কৰা আৰক্ষী জোৱান হ'ল ৰঙাঘৰৰ আলহী...

বানত উটি অহা এটা পহুক গাড়ীত উঠাই পলায়নৰ চেষ্টা কৰা আৰক্ষী জোৱানৰ বিৰুদ্ধে কঠোৰ হৈছে বন বিভাগ। APBN জোৱান হেমন্ত সন্দিকৈৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ অধীনত বন্যপ্ৰাণী চিকাৰৰ গোচৰ ৰুজু কৰিছে বন বিভাগে।

  • Share this:

ইপিনে বাগৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত জব্দ কৰি ৰখা হৈছে অসম আৰক্ষীৰ বাহনখন। উল্লেখ্যে যে মংগলবাৰে কাজিৰঙাৰ পৰা ওলাই অহা এটা আঘাতপ্ৰাপ্ত পহুক গাড়ীত উঠাই লৈ পলায়নৰ চেষ্টা কৰিছিল 9 APBN ৰ জোৱানজনে।বাগৰী বনাঞ্চলৰ অধীনৰ হাৰমতীত আহত অৱস্থাত ৰাস্তাৰ দাতিত থকা পহুটোক এখন বাছত উঠাই লৈ নগাঁও অভিমুখে লৈ যোৱাৰ চেষ্টা কৰিছিল জোৱানজনে।পৰৱৰ্তী সময়ত গোপন তথ্যৰ পম খেদি বন বিভাগ আৰু আৰক্ষীয়ে কাঞ্চনজুৰী এনিমেল কৰিডৰ এলেকাত পহুটোৰ সৈতে জব্দ কৰে বাহনখন। উল্লেখ্যে যে আঘাতপ্ৰাপ্ত পহুটো বৰ্তমান কাজিৰঙাৰ CWRC ত চিকিৎসা কৰি থকা হৈছে।
Published by:Kokil Sarma
First published: