নিজ পত্নী আৰু পুত্ৰক নৃশংসভাৱে হত্যা আৰু তাৰ পিছত আৰক্ষীৰ চকুত জলকীয়া গুৰি চটিয়াই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা বাংগালুৰুৰ (Bengaluru) এজন কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ কৰা হ'ল অসমৰ মৰিগাঁও জিলাৰ নেলীত )Neli, Marigaon)। ২০০৮ চনতে কৰ্ণাটকত (Karnataka) জঘন্য অপৰাধত লিপ্ত হোৱা অপৰাধীটোৰ নাম হৈছে ধৰম সিং যাদৱ। জানিব পৰা মতে, ধৰম সিং যাদৱ নামৰ অপৰাধীটোৱে নিজ পত্নী আৰু পুত্ৰক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল। দুটা বছৰ কাৰাবাস খটাৰ পিছত স্বাস্থ্যজনিত কাৰণত ধৰম সিং যাদৱক প্ৰেৰণ কৰা হৈছিল বাংগালুৰুৰ ভিক্টোৰিয়া চিকিৎসালয়লৈ। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে আৰক্ষীৰ চকুত জলকীয়া গুড়ি চতিয়াই পলায়ন কৰিছিল যাদৱে।
ইয়াৰ পিছতে বাংগালুৰুৰ ভি ভি পুৰম আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ২২৪/২২৪ আৰু ৩৪নং ধাৰাৰ অধীনত ২৬/২০১০নম্বৰৰ এটা গোচৰ ৰুজু কৰি যাদৱক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল। কিন্তু অতি চতুৰ অপৰাধী যাদৱৰ সন্ধান উলিওৱাত বিফল হৈছিল কৰ্ণাটক আৰক্ষী। পৰৱৰ্তী সময়ত ২০১২চনত যাদৱে অসমৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছতে ধৰম সিং যাদৱক গ্ৰেপ্তাৰ কৰাৰ বাবে অসম আৰক্ষীৰ সহায় বিচাৰিছিল কৰ্ণাটক আৰক্ষীয়ে।
অৱশেষত ২০২১চনৰ ৩ ডিচেম্বৰত নেলীত সন্ধান ওলাল যাদৱৰ। নেলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন ৱাংজেঙে গ্ৰেপ্তাৰ কৰিলে ধৰম সিং যাদৱক। ইয়াৰ পিছতে কৰ্ণাটক আৰক্ষীৰ ম'ষ্ট ৱাণ্টেড অপৰাধীক গতাই দিয়া হ'ল বাংগালুৰ আৰক্ষীক। ইতিমধ্যে বাংগালুৰ আৰক্ষীৰ এটা দলে ধৰম সিং যাদৱক পুনৰ কৰ্ণাটকলৈ লৈ গৈছে। এতিয়া পত্নী-পুত্ৰৰ হত্যাৰ অপৰাধৰ লগতে আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰা গোচৰত পুনৰ ৰঙাঘৰলৈ প্ৰেৰণ কৰা হৈছে এইগৰাকী কুখ্যাত অপৰাধীক।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|