মণিপুৰৰ পৰা জাগীৰোডলৈ বুলি NL-07H-7110 নম্বৰৰ বিলাসী ব্ৰিজা গাড়ীৰ দৰ্জাত গোপন চেম্বাৰ বনাই দুই সৰবৰাহকাৰীয়ে হেৰ'ইনখিনি নিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰে ।বোকাজান আৰু বৰপথাৰ আৰক্ষীয়ে চলোৱা যৌথ তালাচীত চিলনীজান অঞ্চলত ৫৫ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।
মণিপুৰৰ পৰা জাগীৰোডলৈ বুলি NL-07H-7110 নম্বৰৰ বিলাসী ব্ৰিজা গাড়ীৰ দৰ্জাত গোপন চেম্বাৰ বনাই দুই সৰবৰাহকাৰীয়ে হেৰ'ইনখিনি নিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰে ।বোকাজান আৰু বৰপথাৰ আৰক্ষীয়ে চলোৱা যৌথ তালাচীত চিলনীজান অঞ্চলত ৫৫ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।
কাৰ্বি আংলঙত নিতৌ জব্দ হৈয়েই আছে হেৰ'ইন । শুক্ৰবাৰে নিশা প্ৰায় ৯ বজাত পুৰণা লাহৰীজানত আৰক্ষীৰ তালাচীত জব্দ হৈছিল ২৭ টা হেৰইন ভৰ্তি চাবোনৰ বাকচ।মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী MN-06B-1341 নম্বৰৰ বাছত আৰক্ষীয়ে তালাচী চলাই হেৰইনখিনি জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল মণিপুৰৰ আজাদ খান নামৰ সৰবৰাহকাৰীটোক ।
উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ মাজতে আজি আবেলি পুনৰ আৰক্ষীয়ে আন এক গোপন তথ্যৰ ভিত্তিত এখন বিলাসী বাহনৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমানৰ হেৰ'ইন।মণিপুৰৰ পৰা জাগীৰোডলৈ বুলি NL-07H-7110 নম্বৰৰ বিলাসী ব্ৰিজা গাড়ীৰ দৰ্জাত গোপন চেম্বাৰ বনাই দুই সৰবৰাহকাৰীয়ে হেৰ'ইনখিনি নিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰে ।বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান আৰু বৰপথাৰ আৰক্ষীয়ে চলোৱা যৌথ তালাচীত চিলনীজান অঞ্চলত গাড়ীখন জব্দ কৰি দৰ্জাৰ গোপন চেম্বাৰৰ পৰা ৫৫ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰী ক্ৰমে বিকাশ থাপা আৰু অমন দুলহালক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে জব্দ কৰা হেৰ'ইন খিনিৰ ওজন ৬৯৮ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য চাৰি বা পাঁচ কোটি হব বুলি মহকুমা আৰক্ষী বিষয়াই কৰিছে প্ৰকাশ। ইপিনে ধৃত দুই সৰবৰাহকাৰীক আৰক্ষীয়ে নিজৰ জিম্মাত অব্যাহত ৰাখিছে জেৰা।মুঠৰ ওপৰত দুটা দিনৰ ব্যৱধানত কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ হেৰ'ইন সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছত ৰাজ্যত এতিয়াও ড্ৰাগছ বেপাৰী যে সক্ৰিয় তাকে প্ৰতিফলিত হৈছে বুলি সৰ্বত্ৰ চৰ্চিত হৈছে। অৱশ্যে ড্ৰাগছ বেপাৰী যদি ডালে ডালে কাৰ্বি আংলং আৰক্ষীও পাতে পাতে থকা বাবে নিতৌ নিষিদ্ধ হেৰ'ইন জব্দ কৰি আৰক্ষীয়ে লাভ কৰি আছে সফলতা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|