உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • কাৰ্বি আংলং আৰক্ষীৰ সফলতা ! ৪৮ ঘণ্টাৰ ভিতৰত ড্ৰাগছ-পিষ্টলসহ ৩ গৰাকী মহিলাক গ্ৰেপ্তাৰ...

    কাৰ্বি আংলং আৰক্ষীৰ সফলতা ! ৪৮ ঘণ্টাৰ ভিতৰত ড্ৰাগছ-পিষ্টলসহ ৩ গৰাকী মহিলাক গ্ৰেপ্তাৰ...

    সোমবাৰে বিয়লি বোকাজান মহকুমাৰ অন্তৰ্গত চিলনীজান অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে AS-12AC-3477 নম্বৰৰ গাড়ীত তালাচী অভিযান চলাই  হেৰইন ভৰ্তি ২৫ টা চাবোনৰ বাকচ জব্দ কৰাৰ লগতে দুই মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

    • Share this:
    কাৰ্বি আংলঙত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।জিলা খনৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ তৎপৰতাত আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানে  নিতৌ লাভ কৰি আছে সফলতা।

    শেহতীয়াকৈ ৪৮ ঘণ্টাৰ ভিতৰত ড্ৰাগছ ,পিষ্টল সহ তিনি গৰাকী মহিলাক আৰক্ষীয়ে পৃথকে পৃথকে কৰিছে গ্ৰেপ্তাৰ। সোমবাৰে বিয়লি বোকাজান মহকুমাৰ অন্তৰ্গত চিলনীজান অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে AS-12AC-3477 নম্বৰৰ গাড়ীত তালাচী অভিযান চলাই  হেৰইন ভৰ্তি ২৫ টা চাবোনৰ বাকচ জব্দ কৰাৰ লগতে দুই মহিলা সৰবৰাহকাৰী ধেমাজিৰ নেহা পাদুন আৰু দিনা নাৰাহক গ্ৰেপ্তাৰ কৰে। বাছখন আছিল ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখী।আৰক্ষীয়ে জব্দ কৰা হেৰইন খিনিৰ ওজন প্ৰায় ৩৩০ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ২ কোটি হব বুলি কৰা হৈছে অনুমান ।অন্যহাতে যোৱা নিশা খটখটি পহৰা চকীৰ অন্তৰ্গত তিলা বস্তিত আৰক্ষীয়ে এক অভিযান চলাই শিখা দেৱনাথ নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ ঘৰৰ  পৰা  এটা পইণ্ট ৩২ পিষ্টল আৰু তিনিজাই সজীৱ গুলী উদ্ধাৰ কৰে।ধৃত মহিলা গৰাকী ড্ৰাগছৰ বেহাৰ লগত জড়িত বুলি আৰক্ষীয়ে কৰিছে প্ৰকাশ।মুঠৰ ওপৰত ৪৮ ঘণ্টাৰ ভিতৰত কাৰ্বি আংলং আৰক্ষীয়ে  ড্ৰাগছ পিষ্টল সহ তিনিগৰাকী মহিলাক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Kokil Sarma
    First published: