ৰাজ্য কঁপাই যোৱা মূল্য়াংকন কেলেংকাৰী ঘটনাক লৈ উৎকণ্ঠাত সকলো, দুজনক গ্ৰেপ্তাৰ !

News18 Assam | News18-Assam
Updated:July 19, 2021, 10:38 AM IST
ৰাজ্য কঁপাই যোৱা মূল্য়াংকন কেলেংকাৰী ঘটনাক লৈ উৎকণ্ঠাত সকলো, দুজনক গ্ৰেপ্তাৰ !
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্কই সমগ্ৰ ৰাজ্যবাসীকে উৎকণ্ঠিত কৰি ৰখাৰ সময়তে দেওবাৰে কামৰূপ আৰক্ষীয়ে চাংসাৰী থানাত ৩২৯/২১ ,আই পি চি ১২০বি /৪৬৫/৪৬৬/১৯৯ ধাৰাৰ অধীনত এক নিজাববীয়া গোচৰ তৰি তদন্ত আৰম্ভ কৰিছে ।

  • Share this:

১৭ জুলাইত  এক গোপন খবৰৰ ভিত্তিত আমিনগাঁও বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত কামৰূপ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত কামৰূপ আৰক্ষীৰ বৃহৎ দলে অভিযান চলায় । চাৰিঘণ্টাজোৰা অভিযানত কামৰূপ বিদ্যালয় পৰিদৰ্শক মাধব চন্দ্ৰ ডেকা , জিলা শিক্ষা আঁচনি বিষয়া তথা ছেবাৰ সমম্বয়ক ফুলপাহি নাথ ,ডাটা এণ্ট্ৰি অপাৰেটৰ প্ৰশান্ত দাস ,চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিবেশ্বৰ কলিতা আৰু ছয় গাঁৱৰ দুখন বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ৰমে দোস্ত হবিবুৰ ৰহমান আৰু আক্কাছ আলী আহমেদ সহ ছগৰাকী লোকক আটক কৰিছিল ।

মেট্ৰিক পৰীক্ষাৰ্থীৰ  ভাল ফলাফলৰ বাবে কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ জৰিয়তে দুখনকৈ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ জৰিয়তে ধনৰ উৎকোচ লোৱা এক টেলিফোনিক বাৰ্তালাপৰ ৰেকৰ্ডিঙৰ আধাৰত আৰক্ষীয়ে অভিযান চলাইছিল । ঘটনা সন্দৰ্ভত কামৰূপ আৰক্ষীয়ে দেওবাৰে কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দুগৰাকী লোকক তথ্য প্ৰমাণৰ আধাৰত গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰে । কামৰূপ বিদ্যালয় পৰিদৰ্শক কাৰ্যালয়ৰ ডাটা এণ্ট্ৰি অপাৰেটৰ প্ৰশান্ত দাস আৰু গৰৈমাৰী মাজৰটোপ হায়াৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ আক্কাছ আলী আহমেদক গ্ৰেপ্তাৰ আৰু আনসকলক ৰাজসাক্ষী কৰা হ'ব বুলি কয় । আৰক্ষীৰ অভিযানত প্ৰশান্ত দাসৰ ঘৰৰ পৰা ২,১৭,৯০০ টকা জব্দ কৰাৰ লগতে কাৰ্যালয়ত প্ৰশান্ত দাসৰ পৰা ১৭,৩০০  টকা জব্দ কৰিবলৈ সক্ষম হয় । সংবাদ মেলত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে টেবুলেশ্বন ছীটত দুবাৰ লিখা তথ্য পোৱাৰ পিছতে সন্দেহ হয় আৰু তদন্তত ধনৰ লেনদেন প্ৰমাণ হয় । ইফালে প্ৰশান্ত দাসআৰু ছয়গাঁৱৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকৰ বাৰ্তালাপ ৰেকৰ্ডিঙত প্ৰমাণ হয় বুলি কয় । বিদ্যালয় পৰিদৰ্শক মাধব চন্দ্ৰ ডেকাৰ ধনৰ লেনদেনৰ উপযুক্ত প্ৰমাণ নাই বুলি তাৎপয্যপূৰ্ণ মন্তব্য কৰে আৰক্ষীয়ে । তথ্য প্ৰমাণৰ অভাৱত মুকলি কৰি দিয়া হৈছে ডেকাক।

আৰক্ষী অধীক্ষক হিতেশ ৰয়ে কয় যে কামৰূপৰ ওপৰিও আৰু কেইখনমান জিলাতো এনে দুৰ্নীতি হোৱাৰ খবৰ লাভ কৰিছে আৰু আৰক্ষী অধীক্ষক সকলৰ লগত যোগাযোগত থকা বুলি কয় । ইফালে গ্ৰেপ্তাৰ হোৱা প্ৰশান্ত দাসে এয়া এক ষড়যন্ত্ৰ আৰু মোক বলিৰ পঠা সজাই ফচোৱা হ'ল বুলি বিস্ফোৰক মন্তব্য কৰে যদিও নাম নললে প্ৰশান্তই । জেইলৰ পৰা ওলালেই সকলো কম বুলি কয় প্ৰশান্ত দাসে । গ্ৰেপ্তাৰ হোৱা অধ্যক্ষ আক্কাছ আলীয়ে এয়া ষড়যন্ত্ৰ আৰু নিৰপেক্ষ তদন্তত সকলো স্পষ্ট হ'ব বুলি কয় । উল্লেখ্য যে এই ঘটনাৰ নিখুত আৰু নিৰপেক্ষ তদন্ত হব লাগে বুলি কয় আছু নেতা প্ৰকাশ দাসে ।
Published by: Kokil Sarma
First published: July 19, 2021, 7:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি