মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»কলিয়াবৰৰ মিছাত উঠিছে টকাৰ উজান। এখন বলেৰ'ৰ ভিতৰত লাখ লাখ টকা।  

কলিয়াবৰৰ মিছাত উঠিছে টকাৰ উজান। এখন বলেৰ'ৰ ভিতৰত লাখ লাখ টকা।  

News18 Assam | News18-Assam
Updated:June 12, 2021, 8:30 PM IST
কলিয়াবৰৰ মিছাত উঠিছে টকাৰ উজান। এখন বলেৰ'ৰ ভিতৰত লাখ লাখ টকা।  
কলিয়াবৰ আৰক্ষীৰ তথ্য অনুসৰি উদ্ধাৰ হোৱা টকাৰ পৰিমাণ ২১ লাখ ৩৭ হাজাৰ ৮০০ টকা।

কলিয়াবৰ আৰক্ষীৰ তথ্য অনুসৰি উদ্ধাৰ হোৱা টকাৰ পৰিমাণ ২১ লাখ ৩৭ হাজাৰ ৮০০ টকা।

  • Share this:
কলিয়াবৰৰ মিছাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে বিয়লি এখন বলেৰ’ গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশিৰ লগতে মূল্যবান আগৰ কাঠৰ টুকুৰা উদ্ধাৰ কৰা হয়।  কলিয়াবৰ আৰক্ষীৰ তথ্য অনুসৰি উদ্ধাৰ হোৱা টকাৰ পৰিমাণ ২১ লাখ ৩৭ হাজাৰ ৮০০ টকা।

কলিয়াবৰ আৰক্ষী নিৱেশৰ অধিনস্থ  মিছা আৰক্ষী চকীৰৰ তালাচীৰ সময়তে হোজাইৰ পৰা দেৰগাঁও অভিমুখী AS-03-AA-0244 নম্বৰৰ বলেৰ' বাহনখনৰ পৰা উদ্ধাৰ  কৰা হয় এই বৃহৎ পৰিমাণৰ ধনৰ লগতে মূল্যবান আগৰ কাঠখিনি। কলিয়াবৰ আৰক্ষীয়ে বলেৰ’ গাড়ীখনৰ লগতে তিনিজন লোককো আটক কৰিছে ৷ আটকাধীন লোক তিনিজন হ’ল ক্ৰমে গোলাঘাট জিলাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণিৰ মিণ্টু আলি, আমিৰউদ্দিন আৰু ডবকাৰ দক্ষিণ বেলুৱাটিৰ চেকজিল আলম।

ধৃত লোককেইজনৰ ভাষ্য অনুসৰি হোজাইত আগৰ বিক্ৰি কৰি লৈ আহিছিল এই বুজন পৰিমাণৰ ধনৰাশি ৷অৱশ্যে এই ক্ষেত্ৰত ধৃত লোক তিনিজনে আৰক্ষীক কোনো ধৰণৰ উপযুক্ত নথি-পত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই৷ ঘটনা সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে l
Published by: Manjumoni Borah
First published: June 12, 2021, 8:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি